মোবাইলে মানুহৰ আবেগ অনুভুতি নাইকীয়া কৰিছেঃ প্ৰাঞ্জল শইকীয়া
গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- ‘মোবাইলে মানুহৰ আবেগ অনুভুতি নাইকীয়া কৰিছে৷বৰ্তমান শিশুৱে মুকলি আকাশৰ তলত দৌৰিব নোৱাৰে,কল্পনাৰ ৰহন সানি কবিতা-গল্প লিখিব নোৱাৰা অৱস্হা আহি পৰিছে৷মোবাইলে সকলো ধবংস কৰিছে৷-এই মন্তব্য জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াৰ৷২০ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ অষ্টবিংশশতিতম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সভাপতি উমেশ ভাগৱতী,সম্পাদক জ্যোতিষ বৰুৱাই সম্পাদনা কৰা ’প্ৰত্যাশা’ মুখপত্ৰ উন্মোচন কৰি এইদৰে মন্তব্য কৰে জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই৷তেওঁ পুনৰ কয় ’এটা নতুন প্ৰজন্ম সঠিক পথত আগবাঢ়িবলৈ হ’লে নিচাযুক্ত,বেয়া অভ্যাস বৰ্জিত কৰিব লাগিব৷’সাংগঠনিক সম্পাদক গকুল বৰুৱাই আঁত ধৰা সভাত সভাপতিত্ব কৰে সভাপতি শিৱপ্ৰসাদ ভট্টাচাৰ্যই৷সদস্যা ৰীনা দাসে পৰিচালনা কৰা সমবেত গীতেৰে শুভাৰম্ভ কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে কোষাধ্যক্ষ লংকেশ্বৰ ডেকাই৷উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰে আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথিৰ সম্বৰ্ধনা অনুষ্ঠান আঁত ধৰে প্ৰাক্তন শিক্ষয়িত্ৰী নিৰদা দেৱীয়ে৷সদস্য জ্যোতিষ চন্দ্ৰ লহকৰে মুখ্য অতিথিৰ পৰিচয় প্ৰদান কৰা সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক ৰঞ্জন বড়োয়ে৷সদস্য সঞ্জীৱ দেৱ চৌধুৰীয়ে আঁত ধৰা সভাত তিনিওটা শাখাৰ প্ৰথম স্হান প্ৰাপক তনুশ্ৰী বসাক,নিহৰীকা গোস্বামী,বিদ্যানন্দিনী কাকতিয়ে কবিতা আবৃত্তি আৰু মালিতা ডেকাই বক্তৃতা প্ৰদান কৰে৷সহকাৰী সম্পাদক শুক্লেশ্বৰ কলিতাই আঁত ধৰা সভাত ২০২৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫%বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ৭ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷সভাত ১৯ জুলাইত অনুষ্ঠিত হোৱা থিতাতে লিখা কবিতা,গল্প,বিষয় ভিত্তিক বক্তৃতা আৰু ২০ জুলাইত অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়৷সমজুৱাৰ ফালৰ পৰা কবি মৌৰাম দাস,শৈলেন্দ্ৰ চন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰে৷সদস্য নৱ প্ৰসাদ শৰ্মাৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷আনহাতে,১৯ জুলাইত পুৱাৰ ভাগত সভাপতি শিৱপ্ৰসাদ ভট্টাচাৰ্যই পতাকা উত্তোলন কৰে৷তাৰ পাছতে চিত্ৰ আৰু শিল্পকলা প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী শোভাকৰ লস্কৰে৷