মোদী চৰকাৰৰ দিনত দুৰ্বল হৈ পৰিছে তথ্য জনাৰ অধিকাৰ আইনঃ দেৱব্ৰত শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- দুটা দশক পূৰ্ণ কৰিলে তথ্য জনাৰ অধিকাৰ আইন (আৰটিআই)য়ে। নাগৰিকৰ ওচৰত চৰকাৰী তন্ত্ৰৰ জবাবদিহিতাৰ প্ৰতিশ্ৰুতি দিয়া এই আইনখনৰ দুটা দশক পূৰ্তি সময়ত চৰকাৰৰ স্বচ্ছতা আৰু জবাবদিহিতাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী কংগ্ৰেছে। ৰাজীৱ ভৱনত আজি অনুষ্ঠিক এক সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মোদী চৰকাৰৰ কাৰ্যকালত এই আইনখনৰ স্বাধীনতা আৰু ফলপ্ৰসূতা ধাৰাবাহিকভাৱে প্ৰভাৱিত হৈছে, যাৰ ফলত গণতন্ত্ৰৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ ভেটি দুৰ্বল হৈ পৰিছে। উল্লেখ্য যে, প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰ আৰু ছোনিয়া গান্ধীৰ দূৰদৰ্শী নেতৃত্বত ২০০৫ চনৰ ১২ অক্টোবৰৰ পৰা বলৱৎ হৈছিল আৰ টি আই আইন। তাৰ পিছৰে পৰাই এই আইনখনে সাধাৰণ নাগৰিকক চৰকাৰী তথ্য জনাৰ অধিকাৰ প্ৰদান কৰি প্ৰশাসনিক জবাবদিহিতা নিশ্চিত কৰি আহিছে। ইয়াৰ ধাৰাবাহিকতাৰে ইউ পি এ চৰকাৰে পৰৱৰ্তী সময়ত এম জি এনৰেগা, বন অধিকাৰ আইন, শিক্ষাৰ অধিকাৰ আইন, ভূমি অধিগ্ৰহণৰ ন্যায্য ক্ষতিপূৰণ আইন আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ দৰে আন কেইবাখনো অধিকাৰভিত্তিক আইন প্ৰণয়ন কৰে। কংগ্ৰেছে অভিযোগ কৰে যে ২০১৪ চনৰ পৰাই আৰ টি আই আইনখনৰ গাঁথনি ইচ্ছাকৃতভাৱে দুৰ্বল কৰা হৈছে। ২০১৯ চনৰ সংশোধনীৰ জৰিয়তে তথ্য আয়োগৰ স্বাধীনতা হ্ৰাস কৰি পাঁচ বছৰৰ নিৰ্দিষ্ট ম্যাদ আৰু সেৱাৰ চৰ্তসমূহ আঁতৰাই কেন্দ্ৰীয় চৰকাৰক কাৰ্যকাল নিৰ্ধাৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত কাৰ্যবাহী প্ৰভাৱ বৃদ্ধি পোৱাৰ লগতে আয়োগৰ স্বায়ত্তশাসন হ্ৰাস পোৱা বুলিও শইকীয়াই অভিযোগ উত্থাপন কৰে। ইফালে, ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট, ২০২৩ক আৰ টি আই দুৰ্বল কৰাৰ আন এক উদাহৰণ হিচাপে কংগ্ৰেছে চিহ্নিত কৰে। এই আইনখনে আৰ টি আইৰ ধাৰা ৮(১)(জ) সংশোধন কৰি “ব্যক্তিগত তথ্য” প্ৰকাশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰে। শইকীয়াৰ মতে, ইয়াৰ ফলত চৰকাৰী ধন, ভোটাৰ তালিকা বা জনস্বাৰ্থৰ ব্যয়ৰ সৈতে জড়িত তথ্য গোপনীয় ৰখাৰ সুযোগ সৃষ্টি হয়, যিটো আৰ টি আই আইনখনৰ মূল উদ্দেশ্যৰ বিৰুদ্ধ। বিৰোধী দলটোৱে আৰু অভিযোগ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্যিক তথ্য আয়োগৰ গাঁথনি আজি কাৰ্যতঃ অকাৰ্যকৰী হৈ পৰিছে। ১১টা অনুমোদিত পদৰ বিপৰীতে কেন্দ্ৰীয় তথ্য আয়োগত মাত্ৰ দুজন আয়ুক্ত দায়িত্বত আছে, আনকি মুখ্য আয়ুক্তৰ পদটোও ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা খালী হৈ আছে। ‘সতৰ্ক নগৰিক সংঘ’ৰ এক প্ৰতিবেদন অনুসৰি দীৰ্ঘদিন ধৰি ৭টা ৰাজ্যিক তথ্য আয়োগ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ আছে। মন কৰিবলগীয়া যে, ২০২৪ চনৰ জুন মাহলৈকে সমগ্ৰ দেশতে প্ৰায় চাৰি লাখ পাঁচ হাজাৰ আপীল আৰু অভিযোগ বিচাৰাধীন হৈ আছে। কংগ্ৰেছে কয় যে আৰ টি আই ব্যৱহাৰ কৰা নাগৰিক আৰু কৰ্মীসকলৰ ওপৰত আক্ৰমণ আৰু হাৰাশাস্তি বৃদ্ধি পাইছে। ভূপালত পৰিৱেশ কৰ্মী শ্বেহলা মাছুদ আৰু মহাৰাষ্ট্ৰত সতীশ ছেট্টীৰ হত্যাকাণ্ড এই বাস্তৱতাৰ প্ৰতীক। ইউ পি এ চৰকাৰৰ দিনত হুইচেল ব্ল’ৱাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গৃহীত হোৱা হুইচেল ব্ল’ৱাৰ সুৰক্ষা আইন আজিও কাৰ্যকৰী হোৱা নাই। ফলত হুইচেল ব্ল’ৱাৰসকলে আইনী সুৰক্ষা লাভ কৰা নাই, যিটো গণতান্ত্ৰিক গাঁথনিৰ বাবে বিপদজনক বুলি বিৰোধী দলপতিগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি তথ্য জনাৰ অধিকাৰ আইনখন কেৱল আইন নহয়, ই নাগৰিকৰ সাংবিধানিক আৰু সামাজিক সৱলীকৰণৰ প্ৰতীক বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে কয়। এই আইনখন দুৰ্বল কৰাৰ অৰ্থ হ’ল গণতন্ত্ৰ দুৰ্বল কৰা। সেয়ে আৰ টি আইৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে কংগ্ৰেছে নিজৰ স্বাধীনতা পুনৰুদ্ধাৰ, তথ্য আয়োগৰ খালী পদ ক্ষিপ্ৰতাৰে পূৰণ, ডিজিটেল ডাটা আইন সংশোধন আৰু হুইচেল ব্ল’ৱাৰ সুৰক্ষা আইন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনায়। শইকীয়াই কয় যে স্বচ্ছতা, জবাবদিহিতা আৰু নাগৰিক অধিকাৰৰ এই যুঁজখন আজিও আগৰ দৰেই প্ৰাসংগিক। আজিৰ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা গোপাল শৰ্মা উপস্থিত থাকে৷