“মোদী কি গেৰাণ্টিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত উন্নয়নৰ নৱ জাগৰণৰ সৃষ্টি কৰিছে”: সৰ্বানন্দ সোণোৱাল

“মোদী কি গেৰাণ্টিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত উন্নয়নৰ নৱ জাগৰণৰ সৃষ্টি কৰিছে”: সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰে আৰু ভাৰতৰ আত্ম নিৰ্ভৰশীলতাৰএক শক্তি কেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক অভিহিত কৰে।কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে ২০১৪চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলৰউন্নয়ন সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰে।উত্তৰ-পূব ভাৰতক দ্ৰুত বিকাশৰ পথেৰেআগুৱাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ নিৰন্তৰ শান্তি আৰু প্ৰগতিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সোণোৱালে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰত ৰূপান্তৰিত হৈছে ভাৰতৰ আত্ম নিৰ্ভৰশীলতাৰ এক শক্তি কেন্দ্ৰ হিচাপে।যোৱা ৯ বছৰত উত্তৰ-পূবত হোৱা আমূল পৰিৱৰ্তনৰ ফলত সমগ্ৰ অঞ্চলটো এতিয়া বাণিজ্যৰ সম্ভাৱ্য ‘হটস্পট’ হৈ পৰিছে। মোদী ডাঙৰীয়াই উত্তৰ-পূবৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছে আৰুএক্ট ইষ্ট নীতিক ত্বৰান্বিত কৰি আছিয়ান, বিবিয়ান গোটৰ দেশসমূহৰ সৈতে বাণিজ্যৰ এক সৌহাৰ্দপূৰ্ণ আৰু সম্ভাৱনা পূৰ্ণ পৰিৱেশ গঢ়ি তুলিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিক পুনৰুত্থানৰ দিশত সক্ষম কৰিছে।” সোণোৱালে কয়, “কংগ্ৰেছে ষাঠি বছৰ শাসনত থকা স্বত্বেও উত্তৰ-পূৰ্বাঞ্চলক দিলে কেৱল উগ্ৰপন্থা, হত্যা-হিংসা, লুণ্ঠন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰী আৰুশোষণ।উত্তৰ-পূব ভাৰতক কংগ্ৰেছে অৱহেলা আৰু অপশাসন কৰাৰ ফলতেই সমগ্ৰ অঞ্চলটো বহু বছৰ পিছপৰি আছিল।কিন্তু মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰি দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে চিহ্নিত হৈছে।” উত্তৰ-পূব অঞ্চলটোত হোৱা নিৰন্তৰ উন্নয়ন আৰু স্থায়ী শান্তি প্ৰচেষ্টাৰ সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় উত্তৰ-পূবৰ জনসাধাৰণক আকাংক্ষিত সন্মান, মৰ্যাদা প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ সমান অংশীদাৰ হিচাপে গুৰুত্ব দি আহিছে ।তেখেতৰ সবল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ কাৰ্য-কলাপ যথেষ্ট হ্ৰাস পাইছে। যোৱা ন বছৰত  ৮,০০০তকৈও অধিক বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) হ্ৰাস কৰাৰ এক সমন্বিত প্ৰচেষ্টাৰ ফলত ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰা আফস্পাৰ প্ৰয়োগ সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ কৰা হৈছে। অসম, নাগালেণ্ড আৰু মণিপুৰত এই আইনৰ অধীনৰ এলেকা যথেষ্ট হ্ৰাস কৰা হৈছে। বড়ো, নাগা, কাৰ্বি, ত্ৰিপুৰী, ব্ৰু, আদিবাসীৰ সৈতে ঐতিহাসিক শান্তি চুক্তি সম্পন্ন কৰি বিদ্ৰোহী গোট সমূহক আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ অনা হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত চলি থকা দশক দশক জোৰা অশান্তি, হত্যা -হিংসা, ক্ষোভৰ পৰিৱেশৰ সলনি এতিয়া শান্তিৰ এক অমিয়া বাতাৱৰণ সৃষ্টি হৈছে। এয়া ‘মোদী কি গেৰাণ্টি’ৰ এক সুন্দৰ প্ৰতিফলন।উত্তৰ-পূব অঞ্চলত কেৱল অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হোৱাই নহয়, লগতে যুৱ প্ৰজন্মৰ বাবে ব্যাপক হাৰত নিযুক্তি সৃষ্টি হৈছে, প্ৰব্ৰজন হ্ৰাস হৈছে।এই বিভিন্ন দিশে পূৰ্বতে অৱহেলিত অঞ্চলটোৰ অধিক বিকাশত ইন্ধন যোগাইছে। আনহাতে যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ক্ষিপ্ৰ উন্নয়নে উত্তৰ-পূব ভাৰত আৰু দেশৰ অন্যান্য ৰাজ্যসমূহৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰিছে।এই সকলো সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব, সদিচ্ছা আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰতি থকা অফুৰন্ত মৰম-আন্তৰিকতাৰ বাবে।প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মোদী ডাঙৰীয়াই ৬৪বাৰ উত্তৰ-পূবভ্ৰমণ কৰিছে, যিটো ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত একমাত্ৰ উদাহৰণ। আনহাতে বিগত ৯বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে ৮০০বাৰত কৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাত উত্তৰ- পূৰ্বাঞ্চলৰো ভূমিকা হ’ব সুদূৰ প্ৰসাৰী আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত অঞ্চলটোৰ জনগণক সমানে চামিল কৰা হৈছে।” “২০২২চনৰ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে ১০০%  কেন্দ্ৰীয় পুঁজিৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুনকৈ আৰম্ভ কৰা পিএম- ডিভাইন আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৪বছৰৰ বাবে মুঠ ব্যয় কৰা হ’ব ৬,৬০০ কোটি টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত অনুমোদনৰ বাবে ১,৫০৩ কোটি টকাৰ মুঠ ১১টা প্ৰকল্প বাছনি কৰা হৈছে। বিগত ৯বছৰত যাতায়াত- যোগাযোগকে ধৰি বিভিন্ন দিশত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৫লাখ কোটিত কৈও অধিক পুঁজি অনুদান হিচাপে আগবঢ়াইছে আৰু ৯২৫টাত কৈও অধিক প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে।এই পদক্ষেপ বোৰে সমগ্ৰ অঞ্চলটোৰ বাবে অপাৰ সুযোগ- সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।আমাৰ চৰকাৰে জলপথৰ বিকাশৰ বাবে ১,০৪০কোটি টকা ব্যয় কৰিছে যাৰ ফলত উত্তৰ-পূবত ২০টা জলপথ কাৰ্যকৰী হৈ উঠিছে যি ২০১৪ চনলৈকে কেৱল ‘এটা’হে আছিল। এইটোও লক্ষণীয় যে ২০৮ কোটি টকাৰ বিনিয়োগেৰে অসমত প্ৰথমটো জাহাজ মেৰামতি সুবিধা কেন্দ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ পাণ্ডুতহুগলী- কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ জৰিয়তে নিৰ্মাণ কৰি থকা হৈছে।তদুপৰি কুৰুৱা, বহৰী, ধুবুৰী, গুঁইজান, ঘাগৰ আৰু মাটমৰাত ৩১০ কোটি টকাৰ মূল্যৰ মুঠ ৬টা ফেৰী টাৰ্মিনেলৰ বিকাশে যাত্ৰী সকলৰ সুচল পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ সাগৰ মালা কাৰ্যসূচীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত ৰূপায়ণৰ বাবে ১,০০০কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প হাতত লৈছে।” – সোণোৱালে লগতে কয়। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছ চৰকাৰৰ শাসন (২০০৯-১৪)ৰ তুলনাত বিজেপি চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গড় বাৰ্ষিক বাজেট আৱণ্টন ৩৭০%  বৃদ্ধি হৈছে।২০১৪ চনৰ আগতে উত্তৰ-পূবৰ কেৱল অসমৰ  ৰাজধানী চহৰ গুৱাহাটীকহে ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছিল। কিন্তু এতিয়া ইটানগৰ (অৰুণাচল প্ৰদেশ), আগৰতলা (ত্ৰিপুৰা)  আদিকো সংযোগ কৰা হৈছে।” আন কেতবোৰ সাফল্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “২০১৪ চনৰ পৰা উত্তৰ-পূব ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ১০,৯০৫ কিলোমিটাৰৰ পৰা ১৫,৭৩৫ কিলোমিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত মুঠ ৪৫%  বৃদ্ধি  হৈছে। উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত উন্নয়নৰ বাবে ৩,৩৯২.৯৯কোটি টকা মূল্যৰ মুঠ ১৪৫ টা প্ৰকল্প অনুমোদিত হৈছে।’’