মোদী এজন মহান নেতা: ট্রাম্প
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্য চুক্তি নোহোৱা আৰু পৰৱৰ্তী সময়ত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত জাপি দিয়া শুল্কৰ বোজাক লৈ দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক প্রশংসাৰে উপচাই দিলে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। তেওঁৰ ভাষাত মোদী এগৰাকী শক্তিশালী নেতা। একে সময়তে বাণিজ্য চুক্তিক লৈও বৃহৎ ঘোষণা কৰে ৰাষ্ট্ৰপতি ট্রাম্পে। বুধবাৰে ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰামত অংশগ্ৰহণ কৰিছিল ট্রাম্পে। এই অনুষ্ঠানত বক্তৃতা প্রদান কৰিবলৈ গৈ তেওঁ কয়- ‘মোদীৰ সৈতে আমাৰ সম্পৰ্ক সুমধুৰ। তেওঁৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আছে। মোদী এগৰাকী মহান নেতা। শীঘ্রেই আমি ভাৰতৰ সৈতে দ্বি-পাক্ষিক বাণিজ্য চুক্তি কৰিবলৈ আগবাঢ়িম।’ প্রসংগতঃ মনত ৰখা ভাল যে ইয়াৰ পূৰ্বেও একাধিকবাৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছিল ট্রাম্প। কিন্তু বৰ্তমানৰ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু বেলেগ। কাৰণ, ইতিমধ্যে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে ইউৰোপিয়ান ইউনিয়নে। প্রধানমন্ত্রী মোদীৰ আমন্ত্রণ ক্রমে ২৫ জানুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব ইউৰোপিয়ান কাউঞ্চিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টা আৰু ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উচুলা ভন। এনে ক্ষেত্রত সচেতন মহলে ধাৰণা কৰিছে যে ইউৰোপিয়ান ইউনিয়নৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তি হোৱাৰ পূৰ্বেই নিজৰ দেশৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তি সম্পন্ন কৰিবলৈ বিচাৰিছে ট্রাম্পে।
