‘মোক সেউজীয়া হৈ থাকিবলৈ দিয়া’
মোক এখন সেউজীয়া পৃথিৱী দিয়া
য’ত হেঁপাহৰ সঁফুৰা মেলি
হাঁহিৰে পাৰ কৰিম উমলি-জামলি।
সেউজীয়া দলিচাখন পাৰি
সেউজীয়াৰ লগত খেলিম
আবেগ ঢালি কথা পাতিম।
তুমি মোৰ সেউজী প্ৰেয়সী
তোমাৰ চেনেহৰ বা-ছাটি
বুকুত বান্ধি লৈ ফুৰিম
সেউজীয়া সপোনটোৰ সতে।
সেউজীয়া আঁচুফুলৰ চাদৰখন
গাত মেৰিয়াই গীত গাই গাই
সেউজীয়া চৰাইটোৱে পখালিব হিয়া।
দুকাষে সেউজীয়া শাৰী শাৰী উশাহ
সেউজীয়া চৰাইটোৰ কোমল নিশ্বাসত
প্ৰাচূৰ্যৰ শব্দলংকাৰে গাঁথিম মালা।
মোক এখন ফুলনি দিয়া
ফুল বোৰে হালি-জালি গোপনে পাতিব কথা
আদৰিম তোমাক
সৌন্দৰ্য্যৰ সুগন্ধি কুসুম ঢালি
পুৱাৰ অৰ্ঘলৈ কৰিম আৰতি।
মোক সেউজীয়া হৈ থাকিবলৈ দিয়া
সেউজীয়া আবিৰ ছটিয়াই
তোমালোকক অনল্প উশাহ দি ৰাখিম
মোক উৎখাত কৰিবলৈ মৰণ ফান্দ নাপাতিবা
মোক সেউজীয়া হৈ জীয়াই থাকিবলৈ দিয়া |
ৰূপালী মহন্ত