মোক বেয়া পোৱা তুমি
গকুল চৌধুৰী
হাকামা, ধুবুৰী
মোক বেয়া পোৱা তুমি
পোৱা পোৱা
আৰু পোৱা
মোক বেয়া পোৱাৰ অজুহাতত
মোৰ পদূলিৰ প্ৰেমৰ ফুলপাহ
চিঙি আঁজুৰি গুচি গৈছা তুমি
যোৱা যোৱা
আৰু যোৱা ৷
পিছে মোক বেয়া পাই তুমি
ব’হাগ তথা বাৰিষাৰ
আগমনক জানো ৰুধিব পাৰিবা ?
নোৱাৰা নোৱাৰা তুমি নোৱাৰা
কেনেকৈনো ৰুধিব পাৰিবা ?
মোক বেয়া পাই তুমি
ব’হাগ তথা বাৰিষাৰ আগমনক
কোনোপধ্যেই ৰুধিব নোৱাৰা ৷
ব’হাগ তথা বাৰিষা আহিলে
এদিন পুৱতি তোমাক
মাতি আনি মোক ভালপাওঁ বুলি
কবলৈ আকৌ এবাৰ ফুলিব
মোৰ প্ৰেমৰ পবিত্ৰ পদূলিত
এটি কপৌ – নাহৰ
অথবা
দুটি শেৱালি – তগৰ ৷
এপাহি নয়নতৰা
অথবা
দুপাহি ৰজনীগন্ধা ৷