মোক প্ৰকৃত হিন্দু নহয় বুলি কোৱা গৌৰৱ গগৈয়ে পত্নী আৰু সন্তানৰ ধৰ্ম কি ৰাইজক জনাব লাগেঃমুখ্যমন্ত্ৰী

মোক প্ৰকৃত হিন্দু নহয় বুলি কোৱা গৌৰৱ গগৈয়ে পত্নী আৰু সন্তানৰ ধৰ্ম কি ৰাইজক জনাব লাগেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে বিভিন্ন মঞ্চত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এগৰাকী প্রকৃত হিন্দু নহয় বুলি কৰি অহা সমালোচনাক উভতি ধৰিলে মুখ্যমন্ত্রীয়ে। বৰাকত নির্বাচনী প্ৰচাৰ অভিযানৰ মাজতে সংবাদ মাধ্যমৰ আগত কংগ্রেছ সভাপতি গৌৰৱ গগৈক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- মই বাৰু ভুৱা হিন্দু। কিন্তু গৌৰৱ গগৈৰ সন্তান প্রকৃত হিন্দু নেকি? তেওঁৰ পৰিবাৰ হিন্দু নে কি ধৰ্মৰ? মোক ভুৱা বুলি ক’লেই তেওঁ নিজৰ বাবে দায় সাৰিব নোৱাৰে। আনহাতে, অসমত শেহতীয়াকৈ প্ৰচাৰ চলাবলৈ অহা ৰাহুল গান্ধীকো সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়- ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু আৰু গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ চোটা পাপ্পু। কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে ড° হিমন্ত বিশ্ব শর্মাক গ্ৰেপ্তাৰ কৰিব বুলি শেহতীয়াকৈ ৰাহুল গান্ধীয়ে নির্বাচনী সভাত কৰা ঘোষণাৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়- মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে পুনৰ জনম ল’ব লাগিব। ৰাহুল গান্ধীয়েও নতুনকৈ জনম ল’ব লাগিব। এই জনমত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। সাত জনমৰ পিছতহে হিমন্ত বিশ্ব শৰ্মাৰ চুলি বেঁকা কৰিব পাৰিব। মুখ্যমন্ত্রীয়ে কয়-পাকিস্তান সংবাদ মাধ্যমত প্রতিদিনেই হোৱা টক শ্ব’ত গৌৰৱ গগৈক ক্লীনশ্বীট দি থকা হৈছে। ইয়াৰ মানে হ’ল গৌৰৱ গগৈৰ হৈ পাকিস্তান সংবাদ মাধ্যমেও প্ৰচাৰ চলাই আছে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ মই আবোল-তাবোল কোৱা বুলি ক’ব খোজে। কিন্তু এতিয়া স্পষ্ট হৈছে যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ কিমান শক্তিশালী। অসমৰ নিৰ্বাচনৰ কথা পাকিস্তান সংবাদ মাধ্যমত কিয় চর্চা হয়? পূর্বে কেতিয়াও হোৱা নাছিল। গৌৰৱ গগৈ-কুংকি চৌধুৰী লেফট উইং লিবাৰেল গেং, যিয়ে সনাতন হিন্দু ধর্মক শেষ কৰিব বিচাৰে।