মোক এখন নতুন পৃথিৱী লাগে – ফিৰদাউছ ফৰিদা চুলতানা 

PC - Pickpik
মোক এখন নতুন পৃথিৱী লাগে 
মোক এখন নতুন পৃথিৱী লাগে,
য’ত নাই কোনো হিংসা,
অত্যাচাৰ, শোষণ আৰু পীড়়ন।
মোক এখন নতুন পৃথিৱী লাগে,
য’ত আছে দয়া, ক্ষমা,
সহানুভূতি আৰু মৰমৰ বান্ধোন।
মোক এখন নতুন পৃথিৱী লাগে,
য’ত নাই উচ্চ-নীচৰ ভেদাভেদ,
জাত-পাতৰ ভেদাভেদ আৰু অন্যায়।
মোক এখন নতুন পৃথিৱী লাগে,
য’ত আছে একতা, নিঃস্বাৰ্থ ভালপোৱা,
সহায়ৰ নিৰ্জন হাত
আৰু এক সু-সভ্য সুন্দৰ সমাজ।
         ফিৰদাউছ ফৰিদা চুলতানা ,
স্নাতক দ্বিতীয় বৰ্ষ (বিজ্ঞান শাখা), 
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, নগাঁও