মৈৰাবাৰী-মৰিগাঁও সদৰ সংযোগী গড়কাপ্তানী পথছোৱাৰ দুৰৱস্থা আৰু দুৰ্ঘটনা সম্পৰ্কে একলম
মৈৰাবাৰী-মৰিগাঁও সদৰ সংযোগী গড়কাপ্তানী পথছোৱাৰ অধিকাংশ খুবেই জৰাজীৰ্ণ হৈ গৈছে। ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈছে। তাতে ঠেক পথ। ছাইড বাম সমান নহয়। মাজে মাজে ছাইড বাম নিৰ্মাণৰ বাবে গাঁত খান্দি থৈ দিছে। কেতিয়ালৈ ছাইড বামৰ কাম সম্পূৰ্ণ কৰিব তাৰ নিশ্চিয়তা নাই। যান-বাহনৰ চলাচল দিনক-দিনে বৃদ্ধি হৈয়েই আছে যদিও সেই অনুপাতে আজিলৈকে পথছোৱা বহল নকৰিলে। পথছোৱাক দ্বি-ৰেখাযুক্ত পথলৈ উন্নীত কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও গড়কাপ্তানী বিভাগৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল। পথছোৱাৰ দুৰৱস্থাৰ কাৰণেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই থাকোঁ। পথছোৱা মেৰামতি আৰু বহল নকৰিলে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই অধিক।
আনহাতে উদণ্ড বাইকাৰ আৰু অনভিজ্ঞ চালকৰ দৌৰাত্ম্যৰ কাৰণেও দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আজিও এই পথছোৱাত উল্লেখিত কাৰণত দুটাকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ নিশ্চয় দৃষ্টি গোচৰ হৈছে। গতিকে প্ৰশাসনক আকৌ বিনম্ৰ আহ্বান জনাইছোঁ যাতে তৎকালেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰে।
শেষত চালকসকলকো বিনম্ৰ আহ্বান জনাওঁ যে, জৰাজীৰ্ণ পথেৰে খুব সাৱধানেৰে যান-বাহন চলাব। খৰধৰ নকৰি লাহে-ধীৰে চলালে দুৰ্ঘটনাৰ পৰা সুৰক্ষিত থাকিব পাৰিব। ৰাইজেও এইবোৰ দিশত সজাগ-সচেতন হওক।।
খাইৰুল ইছলাম, মৈৰাবাৰী