মৈৰাবাৰী মহাবিদ্যালয়ত স্বেচ্ছামূলক ৰক্তদান শিবিৰ সম্পন্ন
মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৈৰাবাৰী মহাবিদ্যালয়ত আজি পুৱা ১০ বজাৰ পৰা ৩ বজালৈ মহাবিদ্যালয়খনৰ ৰিছাৰ্চ, ইন’ভেশ্যন এণ্ড এক্সটেনশ্যন চেলৰ উদ্যোগত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ, মৈৰাবাৰী মহাবিদ্যালয়ৰ আই.কিউ.এ.চি. আৰু এন.এচ.এচ. গোট আৰু ‘ভইচ অফ নীডি’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ ‘ৰক্তদান মহাদান টীম’ৰ সহযোগত এখনি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদে উদ্বোধন কৰা ৰক্তদান শিবিৰখনি আৰম্ভ কৰাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে অধ্যক্ষ ড° ৰিয়াজুল হক, অধ্যাপক দলিল আহমেদ, টেকনিচিয়ান সুশীল চন্দ্ৰ ডেকা আৰু জিলা সমন্বয়ক বাহাৰুল উলুম চৌধুৰীয়ে। ৰক্তদান শিবিৰখনিত মৰিগাঁও জিলাৰ ৰক্তভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ আব্দুল জলিল উপস্থিত থাকে। শিবিৰখনিত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰী আৰু ‘ভইচ অফ নীডি’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ মুঠ ২১ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে। উল্লেখ্য যে ৰক্তদান শিবিৰত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী সন্মানীয় ৰক্তদাতাক উদ্যোক্তামণ্ডলীৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, দুখনকৈ প্ৰশংসা পত্ৰ প্ৰদানৰ লগতে আপ্যায়ন কৰা হয়। বৰথল কছাৰী গাৱঁৰ নিবাসী জনপ্ৰিয় কবি এহিয়া আহমেদৰ ভাতৃ উদীয়মান যুবক তথা মৈৰাবাৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী জাকাৰিয়া আলমে আজি ৰক্তদান কৰি ৰক্তদান এক মহান কাম বুলি ব্যক্ত কৰে। সমাজ বিৰোধী কাম কাজৰ পৰা আতৰি আহি এনেধৰণৰ সমাজ সেৱা মূলক কৰ্মত নিয়োজিত হ’বলৈ তেখেতে মৈৰাবাৰীবাসী যুৱ প্ৰজন্মক আহ্বান জনায়।