মৈৰাবাৰীৰ সৰুছলা গাৱত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ লগত জড়িত পাঁচজনকৈ লিংকমেনক আটক
মৈৰাবাৰী ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়াৰ):মৈৰাবাৰীৰ সৰুছলাৰ পৰা আটক বাহাৰুল ইছলাম। কিছুদিন পূৰ্বে মৈৰাবাৰীৰ চহৰীয়া পাম গাঁৱৰ পৰা নিয়াৰ এটা অভিযানকাৰী দলে বাংলাদেশৰ সন্ত্ৰসবাদী সংগঠন আনচাৰুল্লাহ বাংলা টিম চমুকৈ ABT’ৰ লগত জড়িত থকাৰ অভিযোগত জমিউল হুদা নামৰ মাদ্ৰাছাৰ শিক্ষক মুফটি মুস্তফা আহমেদ আৰু আহমেদৰ পত্নীক গ্ৰেপ্তাৰ কৰিছিল।উক্ত ঘটনাটোয়ে সমগ্ৰ ভাৰততে এক খলকনিৰ সৃষ্টি কৰাৰ সময়তে যোৱা মংগলবাৰে পুৱতি নিশা নিয়াৰ এটা অভিযানকাৰী দলে নগাঁও আৰক্ষীৰ সহযোগত নগাঁৱৰ ধিং আৰু বটদ্ৰৱাৰ পৰা আশ্বিকুল ইছলাম,বদৰ উদ্দীন আহমেদ, মিজানুৰ ৰহমান,ৱাহিদুজ জামানক পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লগত লিংক থকাৰ অপৰাধত আটক কৰে।আটকাধীন চাৰিজনৰ স্বীকাৰুক্তিৰ ভিত্তিত মৈৰাবাৰীৰ সৰুছলা গাঁৱৰ পৰা একে দিনাই বাহাৰুল ইছলাম নামৰ ব্যক্তি জনকো আটক কৰিছিল। আনহাতে নগাঁৱৰ পৰা নিয়াই আটক কৰা চাৰিজনৰ পৰা ১৩৬ টা চিম কাৰ্ড,১৮ টা মোবাইল ফোনৰ ওপৰিও বুজন পৰিমাণৰ অবৈধ নথি পত্ৰ জব্দ কৰিছিল।লগতে মৈৰাবাৰীৰ সৰুছলা গাঁৱৰ বাহাৰুল ইছলামৰ বাসগৃহ ও দোকানৰ পৰা অভিযান চলায় দুটা লেপটপ,একাধিক পান কাৰ্ডৰ উপৰিও কিছু নথি জব্দ কৰে।ধৃত লোক কেইজনে এটা পাকিস্তানী সংগঠনক মোবাইল চিম কাৰ্ডৰ যোগান ধৰি অহা বুলি জানিব পৰা গৈছে।সম্প্ৰতি আটকাধীন লোক সকলক নিয়াৰ তদন্তকাৰী দলটোৱে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।এতিয়া প্ৰশ্ন হয় এই সৰুছলা, চহৰীয়াপাম,চহৰীয়া গাওঁ,লেংৰিবৰী আদি গাঁৱৰ পৰাই চাইবাৰ অপৰাধৰ লগতে ভাৰত বিৰোধী কাৰ্যকলাপ সমূহৰ ব্লু প্ৰিন্ট ৰচনা কৰা হয় নেকি ?নে ইয়াৰ পৰাই নিয়ন্ত্ৰিত হয় দেশবিৰোধি কাৰ্যকলাপ সমূহ!কিয় এনেধৰণৰ অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে এই অঞ্চল সমূহত। এনে অপৰাধৰ লগত জড়িত অপৰাধিক কোনোবাই ৰক্ষনা বেক্ষন দি আহিছে নেকি?নিয়াৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাটোৰ সত্যতা।