মৈৰাবাৰীৰ লোচনাবৰী,ভেলবৰীৰ পৰা দাঁতিয়ালবৰীলৈ যোৱা পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ

মৈৰাবাৰীৰ লোচনাবৰী,ভেলবৰীৰ পৰা দাঁতিয়ালবৰীলৈ যোৱা পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  যি সময়ত ভাৰত চৰকাৰে কোটি কোটি টকা আবন্টনেৰে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰে ভোটাৰ ৰাইজৰ বাবে পথ নিৰ্মান কৰিছে।তেনে সময়তে মৈৰাবাৰীত পোহৰলৈ আহিছে একাংশ ঠিকাদাৰৰ ভয়ংকৰ দুৰ্নীতি।প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথবোৰৰ এক বছৰ নহওঁতেই নিশ্চিহ্ন হোৱা পৰিলক্ষিত হৈছে।আৰ চি চি পথটিৰ কৰবাত যদি ফাটিছে, কৰবাত ভাঙি ছিগি গৈছে, জেগাই জেগাই আকৌ ৫.৫ মিটাৰ বহলৰ ঠাইত ৪.৫ মিটাৰ ওলোৱাৰ লগতে পথটিত প্ৰকাণ্ড প্ৰকাণ্ড গাত হৈছে।আনহাতে ৰাস্তাৰ কাষত উপযুক্ত পৰিমানে মাটি নিদিয়াত এজাক বৰষুনতে খহি গৈছে নিম্নমানৰ আন্তগাঁথনিৰে প্ৰস্তুত কৰা পথটো।বটদ্ৰবা,ধিং আৰু ৰহা ক্ষেত্ৰীয় পথ সংগমণ্ডল আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন পুঁজিৰ দ্বাৰা ৰূপায়িত মৈৰাবাৰীৰ লোচনাৱৰীৰ পৰা দাঁতিয়ালবৰীলৈ যোৱা পথটিৰ নিৰ্মান কাৰ্য ৭/৫/২০২১ তাৰিখে আৰম্ভ কৰি পথটিৰ কাম আজিলৈকে সম্পূৰ্ণ নোহোৱাৰ ফলত স্থানীয় গঞাই অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ।উল্লেখযোগ্য যে-৩ কোটি ৩৯ লাখ ৯৭ হাজাৰ পাঁচহ টকা ধাৰ্যৰে ৫.২০ কিলোমিটাৰ দৈঘ্যৰ পথটিৰ নিৰ্মান কাৰ্য কৰা হৈছে যদিও এই বৃহৎ অংকৰ ধন কত কেনেকৈ প্ৰয়োগ কৰিছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।উক্ত পথটিৰ আন্ত গাঁথনিৰ কামবোৰ বিভাগীয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰি উচিত তদন্তৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে।।_