মৈৰাবাৰীৰ বৰথল কছাৰী গাৱঁত তীব্ৰ বেগী বাইকে খুন্দিয়ালে স্থানীয় যুৱকক

মৈৰাবাৰীৰ বৰথল কছাৰী গাৱঁত তীব্ৰ বেগী বাইকে খুন্দিয়ালে স্থানীয় যুৱকক
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  মৈৰাবাৰীৰ বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৱৰ্তী বৰথল কছাৰী গাৱঁৰ তিনিআলিত তীব্ৰ বেগী বাইকে খুন্দিয়ালে স্থানীয় যুৱক ৰমজান আলীক। ততাতৈয়াকৈ আঘাত প্ৰাপ্ত ব্যক্তিজনক মৈৰাবাৰী এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।  জানিব পৰা মতে AS-21-M-0388 নম্বৰৰ বাইক খনে মৈৰাবাৰীৰ পৰা তীব্ৰ বেগেৰে আহি তিনিআলীৰ টাৰ্ণিঙত দূৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় ৰাইজে সোধ-পোছ কৰাত দূৰ্ঘটনাগ্ৰস্ত বাইক চালকজনৰ নাম হাবিবুৰ, ঘৰ মৈৰাবাৰীৰ সূতাৰ গাঁও বুলি জানিবলৈ দিয়ে। হেলমেট বিহীন তথা নিজৰ ড্ৰাইভিং লাইচেন্স নথকা চালকজনৰ লগতে আন এজন বাইক আৰোহী ঘোৰ নিচাত আছিল। এফালে প্ৰশাসন যিমানে কঠোৰ হৈছে সিমানেই একাংশ অনভিজ্ঞ লাইচেন্স বিহীন তথা মাদক দ্ৰব্য সেৱন কৰা বাইক চালকৰ দৌৰাত্ম বৃদ্ধি পাইছে। এনেধৰণৰ অবৈধ বাইক চালক সকলক প্ৰশাসনে নাকী লগাবলৈ স্থানীয় ৰাইজে দাবী জনায়।