মৈৰাবাৰীৰ বাটৰ কবি খ্যাত খাইৰুল ইছলামক ‘লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থাৰ বিশেষ সম্বৰ্ধনা

মৈৰাবাৰীৰ বাটৰ কবি খ্যাত খাইৰুল ইছলামক ‘লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থাৰ বিশেষ সম্বৰ্ধনা

এহিয়া আহমেদ, মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  ‘লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থা’ই বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৩০ ডিচেম্বৰ, শনিবাৰে সন্ধিয়া লাহৰীঘাটৰ স্থানীয় ৰাইজ, জ্যেষ্ঠ নাগৰিক আৰু দল-সংগঠনসমূহৰ বিষয়ববীয়াসকলৰ লগত এক বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত কৰে। সংস্থাই ‘বাৰ্তালাপ অনুষ্ঠান – ২০২৩’ অনুষ্ঠানত সমাজৰ ভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী ধৰণে সেৱা আগবঢ়াই অহা কেইজনমান বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায়। তাৰে এজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বাটৰ কবি হিচাপে পৰিচিত খাইৰুল ইছলাম। কবি খাইৰুল ইছলামে মৈৰাবাৰীস্থিত নিজৰ প্ৰকাশন গোষ্ঠী ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি মাহৰ ১০ তাৰিখে অনুষ্ঠিত কৰি অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ যোগেদি আগবঢ়াই থকা সাহিত্য সেৱাৰ প্ৰতি মুগ্ধ হৈ কবিগৰাকীক এইদৰে শনিবাৰে সন্ধিয়া ‘লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থা’ই বিশেষভাৱে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা লাভ কৰি কবি খাইৰুল ইছলামে নিজৰ মত ব্যক্ত কৰি কয় যে, “মহান আল্লাহৰ কৃপাৰ লগতে সাহিত্যপ্ৰেমী ৰাইজৰ দোৱা-আশীৰ্বাদৰ ফলতেই এনেদৰে সন্মান লাভ কৰিব পাৰিছোঁ আৰু তাৰ সুখ-আনন্দ ‘বাটৰ কবিতা’ৰ প্ৰতিগৰাকী কবিৰ সৈতে ভগাই লৈছোঁ। কাৰণ কবিসকলৰ একান্ত সহযোগিতাৰ বাবেই ‘বাটৰ কবিতা’ কাব্যানুষ্ঠানটি ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ সফলতাৰে ৯টা বছৰ সম্পূৰ্ণ কৰিলে।” কবি খাইৰুল ইছলামক সম্বৰ্ধনা জনোৱাৰ বাবে সাহিত্যপ্ৰেমী ৰাইজে ‘লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থা’ক ভূয়সী প্ৰশংসা কৰিছে।