মৈৰাবাৰীত বিয়াৰ প্ৰলোভনেৰে বিধৱাক মহিলাক অন্ত:সত্তা বিবাহিত যুৱকৰ
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ তাতিকটা গাঁৱৰ নগৰিয়াবস্তীৰ এজন বিবাহিত যুৱকে এগৰাকী বিধৱা মহিলাক বিয়াৰ প্ৰলোভনেৰে তিনিমাহৰ অন্ত: সত্তা কৰি পেলায় থৈ যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চান্ঞ্চ্যলৰ সৃষ্টি হৈছে। স্বামীৰ মৃত্যুৰ পাছত বিধৱা মহিলা গৰাকীৰ এটি পাছ বছৰীয়া কন্যা শিশু লৈ মৈৰাবাৰীত ভাড়া ৰূম লৈ হোটেলত কামবন কৰি জীৱিকা নিৰ্বাহ কৰে।মৈৰাবাৰীৰ তাতিকটা গাঁৱৰ বিবাহিত মাহবুৰ ইছলাম নামৰ লম্পট যুৱকজনে মহিলা গৰাকীক বিবাহৰ প্ৰলোভন দি তামিলনাডুত কাম কৰিবলৈ লৈ যোৱা হয়। তামিলনাডুত থকাৰ সময়তে মহিলা গৰাকীৰ তিনিমাহৰ অন্ত: সত্তা হয়। মহিলা গৰাকীয়ে যুৱক জনক বিয়াৰ বাবে হেঁচা প্ৰদান কৰাত যুৱকজনে মৈৰাবাৰীত গৈ বিয়া কৰাব বুলি আশ্বাস প্ৰদান কৰে। অৱশেষত মৈৰাবাৰীত আহি মহিলা গৰাকীক জোৰজোলম ভাৱে মৈৰাবাৰী চিকৎসালয়ত অবৈধ ভাৱে গৰ্ভপাত কৰায় মাহবুল ইছলামৰ পৰিয়ালে। মহিলা গৰাকীক গৰ্ভপাত কৰোৱাৰ পাছত মাহবুলে কোনো চিকিৎসা প্ৰদান নকৰি বিভিন্ন দাবি ধমকি দি থাকে। উপায়হীন হৈ মহিলা গৰাকীয়ে এই সন্দৰ্ভত মৈৰাবাৰী থানাত এখনি এজাহাৰ দাখিল কৰে।