মে’ দিৱসৰ তাৎপৰ্য আৰু কিছু চিন্তনীয় দিশ
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
সকলো দিৱসৰ একো একোটা বিশেষ তাৎপৰ্য থাকে। ১ মে’ তাৰিখে সমগ্ৰ বিশ্বতে উদযাপিত হোৱা মে’ দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ তাৎপৰ্য আন দিৱসৰ তুলনাত কিছু সুকীয়া। কাৰণ এই দিৱসৰ অন্তৰালত সোমাই আছে শ্ৰমিকসকলৰ ত্যাগৰ বিনিময়ত আনন্দ লাভ।
শিল্প বিপ্লৱৰ পাছৰপৰাই বৃহৎ কল-কাৰখানা গঢ় লৈ উঠাত বুজন সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হৈছিল। লগে লগে পুঁজিপতি শ্ৰেণীটোৰ জন্ম হৈছিল। পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিময়ত শ্ৰমিকসকলক দৈনিক ১৮ৰ পৰা ২০ ঘণ্টা কামত খটুৱাইছিল , যিটো কোনো ফালৰপৰা যুক্তিসংগত নহয় বুলি শ্ৰমিকসকলে আপত্তি দৰ্শাইছিল । ১৮৮৪ চনত শ্ৰমিক সংস্থাসমূহ একত্ৰিত হৈ এটা ফেডাৰেচন তৈয়াৰ কৰি তেওঁলোকৰ চতুৰ্থ সন্মিলনত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছিল। যিটো প্ৰস্তাৱত কোৱা হৈছিল যে ১৮৮৬ চনৰ ১ মে’ তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ ৰ পৰা ২০ ঘণ্টা কামৰ বিপৰীতে মাত্ৰ ৮ ঘণ্টা হে কামৰ সময় বুলি গণ্য কৰিব আৰু বাকী ১৬ ঘণ্টা তেওঁলোকে বিশ্ৰাম আৰু সাংস্কৃতিক বিনোদনৰ মাজেৰে পাৰ কৰিব । কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে। ১৮৮৬ চনৰ ৪ মে’ ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো চহৰৰ হে- মাৰ্কেট নামৰ বাণিজ্যিক এলেকাত শ্ৰমিকসকলে শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খাইছিল। আগষ্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈ আছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণহত্যাৰ ৰূপ লয়, য’ত ১১জন শ্ৰমিক ছহিদ হয়। পুলিচক হত্যা কৰাৰ দোষত আগষ্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পাছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়। এজনে ফাঁচীৰ এদিন আগতে আত্মহত্যা কৰে আৰু এজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগষ্ট স্পীজে কৈছিল – “আজি আমাৰ এই নি:শব্দতা , তোমালোকৰ কোলাহলতকৈ আপেক্ষিক ভাৱে অধিক শক্তিশালী হ’ব।” শেষ পৰ্যন্ত শ্ৰমিকসকলৰ দৈনিক আঠ ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়।
১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হয় যে চিকাগো সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত লাভ কৰা স্বীকৃতিৰ বাবে ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ’ব। সেই অনুসৰি ১৮৯০ চনৰ পৰা ১ মে’ দিনটো মে’ দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে। ই কেৱল এটা দিৱসেই নহয়, এই দিনটো শ্ৰমিকৰ বাবে ত্যাগ আৰু শ্ৰমৰ মৰ্য্যদা লাভ কৰা এটা ঐতিহাসিক দিৱস।
মেহনতী বা কৰ্মজীৱি জনতাৰ সংঘবদ্ধ হোৱাৰ চিন হৈছে মে’ দিৱস । মে’ দিৱসৰ আলম লৈ বিশ্বৰ শ্ৰমিকসকল ঐক্যবদ্ধ হৈ মে’ দিৱস পালন কৰি আহিছে। হ’লেও কিন্তু বৰ্তমানেও শ্ৰমিকসকল লাঞ্ছনা, বঞ্চনা আৰু প্ৰতাৰণাৰে জৰ্জৰিত হৈ আছে। শ্ৰমিক আন্দোলনে আজি বহু বছৰ অতিক্ৰম কৰিলে যদিও বিশ্বৰ চুকে-কোণে আনকি ভাৰত আৰু অসমতো শ্ৰমিকৰ ওপৰত মালিক পক্ষৰ শোষণ চলিয়েই আছে। যদিও শ্ৰমিকসকলৰ কামৰ সময় ১৮/২০ ঘণ্টাৰপৰা হ্ৰাস কৰি ৮ ঘণ্টা কৰিলে, তথাপিও কিন্তু বহু শ্ৰমিকে এতিয়াও ১০/১২ ঘণ্টা কাম কৰিবলগীয়া হয়। ইয়াৰ বাবদ কিন্তু তেওঁলোকে অতিৰিক্ত পাৰিশ্ৰমিক নাপায়। ইয়াৰোপৰি শ্ৰমিক আইন উলংঘা কৰি সপ্তাহৰ আটাইকেইটা দিনতেই কাম কৰিবলৈ বাধ্য হয়। ইটাভাটা, হোটেল, দোকান আদিত কৰ্মৰত শ্ৰমিকসকলৰ ক্ষেত্ৰত অত্যাধিক কামৰ বোজা দিয়া দেখা যায়। তেওঁলোক এতিয়াও মালিক পক্ষৰ শোষণৰ বলি হৈ আছে। তেওঁলোকে অতি নিম্ন মজুৰিত শ্ৰমদান কৰিবলগা হয়। এইবিলাকৰ কাৰণ হৈছে শ্ৰমিকসকলৰ অজ্ঞতা আৰু দৰিদ্ৰতা। দৰিদ্ৰতাই তেওঁলোকক ইমানেই কোঙা কৰি পেলাইছে যে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে সাহসেই নকৰে। প্ৰতিবাদ কৰিলেই জানোচা তেওঁলোকক কামৰপৰা অব্যাহতি দি বেলেগ বনুৱা নিয়োগ কৰে, এই ভয়ে তেওঁলোকক মৌন হ’বলৈ বাধ্য কৰে, সহ্য কৰি থাকে তেওঁলোকৰ ওপৰত চলা শোষণৰ। মাত্ৰ পেটৰ ভোকৰ তাড়নাতেই মালিক পক্ষৰ বিৰুদ্ধে একো অভিযোগ বা দাবী উত্থাপন নকৰে। আনহাতে ইয়াৰ সম্পূৰ্ণ সুবিধা এচাম মধ্যভোগীয়ে গ্ৰহণ কৰিছে। তেওঁলোকে শ্ৰমিকসকলৰ পৰা চান কাঢ়ি নিজৰ উদৰ পূৰাইছে । ১০/১২ ঘণ্টাকৈ কাম কৰাৰ ফলত শ্ৰমিকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অৱনমিত হোৱাৰ উপৰিও পৰিয়ালক সময় দিব নোৱাৰাৰ বাবে পাৰিবাৰিক অশান্তিতো ভূগিব লগা হয়। কেতিয়াবা কোনো শ্ৰমিকে অতিৰিক্ত কামৰ ভৰত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উদাহৰণো আছে। আকৌ কেতিয়াবা কোনো শ্ৰমিকে হতাশাগ্ৰস্ত হৈ নিজকে নি: শেষ কৰি পেলাবলৈয়ো কুণ্ঠাবোধ নকৰে।
শ্ৰমিক বুলি ক’লে পুৰুষ -নাৰী উভয়কে বুজোৱা হয়। কিন্তু কৰ্মস্থলীত এই ক্ষেত্ৰতো পাৰ্থক্য অনা দেখা যায়। বহু ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ প্ৰাপ্য মজুৰি পৰিমাণ ভিন ভিন হোৱা পৰিলক্ষিত হয়। ১৯৭৬ চনৰ The equal Remuneration act মতে পুৰুষ আৰু নাৰী শ্ৰমিকে সমপৰিমাণৰ পাৰিশ্ৰমিক লাভ কৰিব লাগে। ইয়াৰ বাহিৰেও কোনো কোনো সময়ত মহিলা কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমানে এইবিলাক মোকাবিলা কৰিব পাৰে আৰু আন কিছুমানে কামৰপৰা অব্যাহতি ল’বলৈ বাধ্য হয়। নাৰী-পুৰুষ উভয়কে কাম কৰিবৰ বাবে এটা সুস্থ পৰিবেশ দিব নোৱাৰাটো অতি পৰিতাপৰ কথা।
ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত আন এটা প্ৰধান সমস্যা হৈছে শিশু শ্ৰমিক নিয়োগ । এই শিশু শ্ৰমিক সকল ইটাভাটা, হোটেল, গৃহ নিৰ্মাণ, দোকান, ক্ষুদ্ৰ চাহ বাগিচা, মানুহৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ থাকে। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। দেশ এখন উন্নতিৰ জখলাত বগাবলৈ হ’লে নাগৰিক সকল শিক্ষিত আৰু কৰ্মপটু হ’ব লাগিব। গতিকে শিশু শ্ৰমিক নিযুক্তি বন্ধ নকৰিলে আমাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংস হ’ব। শিশু শ্ৰমিক নিয়োগ বন্ধ কৰিবৰ বাবে আইন এখন আছে যদিও প্ৰশাসনে সকলো দেখি-শুনিও চকু মুদা কুলিৰ ভাৱ হে লোৱা দেখা যায়। শিশুৰ প্ৰাথমিক শিক্ষাৰ অধিকাৰ আইন মতে ৬ ৰ পৰা ১৪ বছৰলৈ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আগবঢ়োৱা হৈছে যদিও আৰ্থিক দূৰৱস্থাৰ দোহাই দি আমাৰ বহু দৰিদ্ৰ পিতৃ -মাতৃয়ে সন্তানক বিদ্যালয়লৈ পঢ়িবলৈ পঠিওৱাৰ সলনি শ্ৰম কৰিবলৈ হে পঠিওৱা পৰিলক্ষিত হয়। মালিক পক্ষয়ো শিশু শ্ৰমিকক কম মজুৰিত খটুৱাব পাৰে বাবে এই সকলৰ নিয়োগত হে অধিক গুৰুত্ব দিয়ে। আইনেও এইসকলৰ প্ৰতি কোনো কঠোৰ পদক্ষেপ লোৱা দেখা নাযায়। পিতৃ -মাতৃসকলক সজাগ আৰু সচেতন কৰিব নোৱাৰিলে শিশু শ্ৰমিক নিয়োগ বন্ধ নহ’ব আৰু দেশৰ ভৱিষ্যত অন্ধকাৰ হ’ব। সেয়ে দেশৰ সুৰক্ষাৰ স্বাৰ্থতে শিশু শ্ৰমিক নিয়োগ ৰোধ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে ।