মে-দাম-মে-ফীৰ তাৎপৰ্য –  ভক্তি চাংমাই

মে-দাম-মে-ফীৰ তাৎপৰ্য
 ভক্তি চাংমাই
 ধেমাজি 
নিজা ভাষা সাহিত্য সংস্কৃতিৰে চহকী আহোম বংশ প্ৰতিষ্ঠাৰ দিনৰ পৰাই অৰ্থাৎ চাওলুং চ্যুকাফাৰ অসম প্ৰৱেশৰ লগে লগে মে-দাম-মে-ফী উদযাপনৰ প্ৰমাণ পোৱা যায়।মে-দাম-মে-ফী মূলত পিতৃপুৰুষৰ এক সাৰ্বজনীন তথা পৰম্পৰাগত পূজা।এই উৎসৱ পালনৰ জৰিয়তে আহোমসকলে পূৰ্ব পুৰুষক স্মৰণ কৰি দেশ তথা সমাজৰ মঙ্গল কামনা কৰি প’মিং বা আৰ্শীবাদ বিচাৰে।মে-দাম-মে-ফী উৎসৱক মে-ফী মে ছাং, মুঞ ফী ছাং,খেক নক ফী,ৰয় ম ফী দাম,খেক ফী দাম,মে-নাম মে ফী আদি নামেৰেও অভিহিত কৰা হয়। আহোম সকলে যি পূজা বিধিৰে মে-দাম-মে-ফী পালন কৰে সেয়া খেক-লাই হিচাপে জনা যায়।এই খেক-লাই চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লেখক ম-মুন ম-মা দেওধাই লিখিছিল।
মে-দাম-মে-ফী পালনৰ মূলতে আহোম সকলৰ কিছুমান বিশ্বাস জড়িত হৈ আছে। তেওঁলোকে বিশ্বাস কৰে যে মৃত্যুৰ পিছত তেওঁলোকৰ পিতৃপুৰুষ সকলৰ আত্মাই স্বৰ্গত সুখ শান্তিৰে বাস কৰে। পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ আত্মীয়,পো- নাতিসকলে পিতৃ পুৰুষক শ্ৰদ্ধাৰে সুঁৱৰি পূজা সেৱা আগবঢ়ায় আৰু এই পূজা সেৱাত সন্তুষ্ট হৈ পিতৃপুৰুষ সকলে তেওঁলোকক আৰ্শীবাদ কৰে। ৰাজহুৱাভাৱে পালন কৰা দাম-ফীত এখন আঠচুকীয়া অস্থায়ী হ-ফী(মন্দিৰ)সজাৰ লগতে আঠখন মেহেঙা(শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেং-দন দেৱতা প্ৰমূখ্যে আঠজন ফীক উপাসনা কৰে।এই পূজাত আহোম সকলে তেওঁলোকৰ ফু-ৰা-তা-ৰা-আ-লং দেৱতাক প্ৰাৰ্থনা কৰাৰ লগতে ঙি ডাম খামং অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ খায়।আহোম সকলে ৰাজহুৱাভাৱে মে-দাম-মে-ফী পালন কৰাৰ উপৰি ঘৰুৱাভাৱেও পালন কৰে। ঘৰুৱাভাৱে পালন কৰা মে-দাম-মে-ফীৰ বাবে পূজাৰ স্থান ৰান্ধনী ঘৰৰ দক্ষিণ দিশৰ খুটাৰ কাষত বাছনি কৰা হয়। লগতে ঘৰুৱা দাম-ফীত পাঁচখন মাইহাং আগবঢ়োৱা হয়। ঘৰুৱাভাৱে পালন কৰা মৃতক বা দেৱতাক কেইবাটাও ভাগত ভাগ কৰিব পাৰি-ঘাই ডাম,চি-ৰেণ-ডাম,জাকৰুৱা ডাম,ন-ডাম।
আহোমসকলৰ বাহিৰেও অন্যান্য সম্প্ৰদায়ৰ লোকসকলো মে-দাম-মে-ফী উৎসৱলৈ আহে। গতিকে এই দৃষ্টিৰে লক্ষ্য কৰিলে মে-দাম-মে-ফীয়ে টাই ধৰ্মাৱলম্বী আৰু অন্যান্য সম্প্ৰদায়ৰ মাজতো এক সম্প্ৰীতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।