মে-ডা-মে-ফি এক ধৰ্মীয় ও সামাজিক উৎসৱ – প্ৰাণ প্ৰতিমা বড়া

Pc News Next One
মে-ডা-মে-ফি এক ধৰ্মীয় ও সামাজিক উৎসৱ
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
 মে- ডা -মে -ফি আহোম সম্প্ৰদায়ৰ এক ধৰ্মীয় উৎসৱ। এই উৎসৱৰ জৰিয়তে তেওঁলোকৰ উপৰিপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্বশান্তিৰ কামনা কৰে। মে ডাম মে ফি শব্দৰ মে মানে তৰ্পন ডাম মানে মৃতক ফি মানে মৃতকৰ দেও ৷ এই উৎসৱৰ জৰিয়তে আহোম সম্প্ৰদায়ৰ লোকসকলে উপৰিপুৰুষৰ অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি সমাজখনৰ লগতে বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়।
প্ৰবাদ মতে স্বৰ্গৰ ৰজা লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক সোণৰ জখলাৰে স্বৰ্গৰপৰা মৰ্ত্ত্যলৈ অধিকাৰ বিস্তাৰ কৰিবলৈ পঠিয়াইছিল ৷ টাই আহোম লোকসকলে লেংদনৰ বংশধৰ বুলি নিজকে মানি আহিছে। ৰজা লেংদন ,দেৱতাসকলৰ লগতে পূৰ্বপুৰুষৰ নামেৰে পুজা-অৰ্চনা কৰি আহিছে টাই আহোম লোকসকলে সমাজৰ লগতে বিশ্বৰ শান্তিৰ বাবে। জানুৱাৰী মাহৰ ৩১ তাৰিখে টাই আহোম লোকসকলে সামূহিকভাৱে সকলো ৰাইজ গোট খাই আঠচুকীয়া অস্থায়ী হ’-ফী( দেওশাল) সাজে আৰু আঠখন মেহেঙা(শৰাই)পাতি  তেওঁলোকৰ আদি পিতা লেংডন প্ৰমূখ্যে আঠজন ফীক উপাসনা কৰে ।এই পুজা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ ওপৰিও সোণোলী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়া ভোজ দিয়া হয় ৷টাই আহোম লোকসকলে ঘৰুৱাভাৱেও এই উৎসৱ পালন কৰে ।
আহোম লোকসকলে সামাজিকভাৱে মে-ডা-মে -ফি পালন কৰাটো এক পৰম্পৰাহৈ পৰিছে ৷বৰ্তমানেও তেওঁলোকৰ এই ধৰ্মীয় উৎসৱটো সামাজিক উৎসৱহৈ পৰিছে ৷আৰু এই উৎসৱত টাই আহোমসকলৰ লগত আন আন জনগোষ্ঠীলোক সকলেও সামূহিকভাৱে লগ হোৱা দেখা পোৱা যায়।