মেৰী কমৰ আঁঠুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন

Pc The Janambhumi

মেৰী কমৰ আঁঠুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় বক্সাৰ মেৰী কম চিকিৎসাধীন।মুম্বাইৰ এখন বেচৰকাৰী হাস্পতালত সম্পন্ন হৈছে মেৰী কমৰ আঁঠুৰ অস্ত্ৰোপচাৰ।এমচি মেৰী কমে মঙলবাৰে মুম্বাইস্থিত এখন চিকিৎসালয়ত তেওঁৰ বাওঁ আঁঠুত এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট (এচিএল) ফাটি যোৱা মেৰামতিৰ বাবে পুনৰ গঠনমূলক অস্ত্ৰোপচাৰ কৰায়।বক্সাৰ মেৰী কমে জুনত কমনৱেলথ গেমছৰ বাছনি পৰীক্ষণত ৪৮ কেজি ট্ৰায়েলৰ সময়ত আঘাত পাইছিল।পৰীক্ষণৰ সময়ত আঁঠু পাক খাই প্ৰবীণ বক্সাৰগৰাকীৰ এচিএল ছিঙিছিল।সেই আঘাতৰ বাবে এইবাৰ বাৰ্মিংহাম কমনৱেলথ গেমছত মেৰী কমে অংশ ল’ব নোৱাৰিলে।উল্লেখযোগ্য যে,টুইটাৰৰ জৰিয়তে এমচি মেৰী কমে লিখিছে “মই অতি সোনকালে ভাল হৈ যাম।নিৰন্তৰ মৰম আৰু সমৰ্থনৰ বাবে @OGQ_India ধন্যবাদ।”