মোৰ দৃষ্টিত : নাৰী- পাৰ্থ প্ৰতিম শইকীয়া

pc Istock

মোৰ দৃষ্টিত : নাৰী

সৃষ্টিৰ প্ৰতীক নাৰী । নাৰী ধৈৰ্য্য , সাহস , শক্তি , সৌন্দৰ্য্য , মমতাময়ী , আবেদনময়ী আৰু ত্যাগৰ প্ৰতীক । যাৰ জৰিয়তে অংকুৰিত হয় নতুন বীজৰ, ধৰালৈ আহে নতুন অতিথি , সেই অতিথি যিয়ে মাতৃৰ কোলা শুৱনি কৰে । সৃষ্টিৰ নতুন আশাই প্ৰাণ পাই উঠে । ধৰাৰ বুকুত নাৰী যেন সৰ্বাংগ সুন্দৰ সৃষ্টি ।

মা মোৰ জীৱনৰ প্ৰথম নাৰী । যাৰ জৰিয়তে ধৰাৰ বুকুলৈ আহিলোঁ । প্ৰতিদিন যাৰ সান্নিধ্যৰে জীৱনৰ প্ৰতিটো খোজ আগবাঢ়ি গৈছো । থুনুক – থানাককৈ খোজ কঢ়া হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰতিটো খোজৰ সংগী । জীৱনৰ প্ৰতিটো ক্ষণৰ লগৰী মা মোৰ বাবে যেন ৰক্ষাকৱচ । জীৱনৰ কঠিন পৰিস্হিতিটো হাৰ মানিব নোখোজা মা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নাৰী ।

আচলতে নাৰী বিভিন্ন সময়ত বিভিন্ন ৰূপেৰে আমাৰ মাজলৈ আহে । সেয়া বাইদেউ বা ভন্টিয়েই হওক , নতুবা আইতা , বৰমা , খুৰী , নবৌ যিয়েই নহওক কিয় তেওঁলোকৰ জৰিয়তেই এগৰাকী নাৰীৰ গুৰুত্ব কিমান সেয়া অনুভৱ কৰিব পাৰি । হৃদয়ৰ অত্যন্ত প্ৰিয় আৰু দুখ – সুখৰ প্ৰতিটো সময়ত একান্ত কাষৰ পৰা নাৰী ৰূপত যাক বিচৰা যায় – তেওঁৱেই হ’ল পত্নী । নাৰী মানেই যেন প্ৰতিজন মানুহৰ জীৱন যাত্রা সুন্দৰ কৰি তোলা এক অনন্য সত্ত্বা । যাৰ আছে স্বকীয় পৰিচয় , স্বাভিমান আৰু গৌৰৱ ।

বৰ্তমান সময়ত আমাৰ সমাজত নাৰীৰ স্হান অতি উচ্চ । প্ৰতিদিনেই কবি , লেখকৰ সৃষ্টিত প্ৰাণ পাই উঠে নাৰীৰ গুণ – গৰিমা । তথাপিও কিন্ত্ত নাৰী সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় , এয়াই হয়তো আমাৰ সমাজ ব্যৱস্হাৰ চৰম বিফলতা । প্ৰতিদিনেই ধৰ্ষিতা হয় নাৰী , ৫ মহীয়া কন্যা শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে । ইয়াতকৈ আৰু লজ্জ্বাজনক কথা কি হ’ব পাৰে । দিন দুপৰতে দা ৰে ঘপিয়াই এজনী ছোৱালীক হত্যা কৰা হয় , ইয়াতকৈ আৰু মৰ্মান্তিক ঘটনা কি হ’ব পাৰে ? এগৰাকী নাৰীয়ে স্বামীগৃহত উৎপীড়নৰ বলি হ’ব লগা হয় । কিন্ত্ত সেইগৰাকী নাৰীকে আমি লক্ষ্মী , দুৰ্গা , কালি হিচাপে পূজা কৰোঁ । এইয়াই আমাৰ সমাজৰ ফোপোলা স্বৰূপ । ছ’চিয়েল মিডিয়াত নাৰীক লৈ দীঘল দীঘল ৰচনা লিখে কিন্ত্ত বাস্তৱত সেই নাৰীকে ৰাজপথত উপলুঙা কৰে । সঁচাই আমাৰ বাবে এয়া এক লজ্জ্বাজনক বিষয় ।

শেষত নাৰীসকল স্বকীয়তাৰে উজ্বলি উঠক । জীৱন যুদ্ধত সগৌৰৱে থিয় হৈ আগবাঢ়ি যাওক । সমাজৰ প্ৰত্যেকজন ব্যক্তিলৈ এটাই অুনৰোধ নাৰীসকল তেতিয়ালৈকে সুৰক্ষিত নহয় যেতিয়ালৈকে সম্পূৰ্ণৰূপে সমমৰ্য্যদা নাপায় । গতিকে বিভেদকামী মনোভাৱ ত্যাগ কৰি নাৰীকো পুৰুষৰ সমানে আগবঢ়াই নিয়াটোহে শ্ৰেয় । আন্তৰ্জাতি নাৰী দিৱসৰ শুভেচ্ছাৰে ।

শ্ৰী পাৰ্থ প্ৰতিম শইকীয়া 
বি.এ তৃতীয় ষান্মাষিক 
ইংৰাজী বিভাগ 
নন্দনাথ শইকীয়া মহাবিদ্যালয় , তিতাবৰ