মেলবৰ্ণ টেষ্টত ভাৰতক পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় ৰোহিত বাহিনীৰ ।বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দলটোৱে ১৮৪ ৰাণত পৰাজিত হয় । মেলবৰ্ণত এই পৰাজয়ৰে ভাৰতীয় দলটো শৃংখলাটোত ২-১ ত পিছ পৰি আছে । একে সময়তে এই পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশাত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। যদিও ভাৰতীয় দল পইন্ট তালিকাত তৃতীয় স্থানত আছে, কিন্তু শতাংশ পইন্ট হ্রাস পাইছে। এই পৰাজয়ৰ পিছতো টীম ইণ্ডিয়াৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশা অক্ষত আছে যদিও সমীকৰণটো অতি জটিল হৈ পৰিছে।অষ্ট্ৰেলিয়াই টছত জয়ী হৈ এই খেলখনত প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৪৭৪ ৰাণ সংগ্ৰহ কৰে । কেংগেৰু বাহিনীৰ হৈ ষ্টিভ স্মিথে ১৪০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৬৯ ৰাণ সংগ্ৰহ কৰে । ২১ বছৰীয়া নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ হৈ ১১৪ ৰাণৰ শতক অৰ্জন কৰে । প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে ১০৫ ৰাণৰ অগ্ৰগতি লাভ কৰে । এই খেলখনৰ দ্বিতীয় ইনিংছত মাৰ্নাছ লাবুচাগেনৰ ৭০, অধিনায়ক পেট কামিন্স আৰু নাথন লিয়নে ৪১ ৰাণকৈ সংগ্ৰহ কৰাত অষ্ট্ৰেলিয়াই ২৩৪ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ৩৩৯ ৰাণৰ অগ্ৰগতি অৰ্জন কৰে । জয়ৰ বাবে ৩৪০ ৰাণৰ লক্ষ্য পিচাকৰি ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই খেলখনৰ পঞ্চম দিনা দ্বিতীয় ইনিংছত ৭৯.১ অভাৰত ১৫৫ ৰাণ সংগ্ৰহ কৰাত ১৮৪ ৰাণত পৰাজিত হয় ।ভাৰতৰ হৈ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মা (৯), বিৰাট কোহলী (৫) আৰু কে এল ৰাহুল (০) সম্পূৰ্ণৰূপে ব্য়ৰ্থ হয় । যশস্বী জয়ছোৱালে এই খেলখনত ভাৰতৰ হৈ সৰ্বাধিক ৮৪ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৮টা চাৰিৰ সহায়ত ২০৮ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে । জয়ছোৱালক আউট হোৱাৰ লগে লগে ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰে।এই খেলখনত ভাৰতীয় দলৰ অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহ উজলি উঠে । তেওঁ প্ৰথম ইনিংছত ২৮.৪ অভাৰত ৯ টা মেডেনসহ ৯৯ ৰাণত ৪ টা উইকেট লাভ কৰে ।বুমৰাহে দ্বিতীয় ইনিংছতো ২৪.৪ অভাৰত ৭ টা মেডেন অভাৰ বল কৰি ৫৭ ৰাণত লাভ কৰে ৫ টা উইকেট । বুমৰাহে এই খেলখনত দুয়োটা ইনিংছ মিলি ৯ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।