মেধাবী সন্তান সকলৰ চৰিত্ৰৰ অবক্ষয় হয় কিয়?
নমিতা দাস,
শুৱালকুছি শান্তিতোল
মেধা শব্দই বোধ শক্তি বা মানসিক ক্ষমতা বা দিপ্ত বুদ্ধি সম্পন্ন সন্তানক বুজাই। মেধা শক্তি সম্পন্ন সন্তান সকল সকলো ফালে আগবঢ়া । তেওঁলোকে যিকোনো বিষয় এটা অতি সোনকালে নিজৰ আয়ত্বলৈ আনিব পাৰে। সেয়ে প্ৰতিটো বিষয়তে তেওঁলোকৰ দখল থাকে।মেধাৱী শব্দই তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত যঠেষ্ট আগবঢ়া আৰু বুদ্ধি মত্তা সম্পন্ন বুজায় । মেধাবী সন্তান সকলে যথেষ্ট কষ্ট কৰিব পাৰে সেই কষ্টৰ বিনিময়ত তেওঁলোকে ভাল ফল লাভ কৰে । এই যে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিলে তেতিয়াই তেওঁলোক হৈ পৰে সকলোৰে পৰিচিত আৰু প্ৰিয়পাত্ৰ।
সকলোৱে সৰ্বগুণ সম্পন্ন নহয় কিছুমান বেয়া গুণো সকলোৰে গাত থাকে । সেই বেয়া গুনবোৰ যেতিয়া মেধাৱী সন্তানৰ গাত দেখোঁ আমি ভাবি আচৰিত হওঁ। কাৰণ শিক্ষাৰ লগতে তেওঁলোকে সকলো ফালে উদ্দমি আৰু সৎ হোৱাতো আমি কামনা কৰো। যিকোনো ভাল বা বেয়া কাম কৰিবলৈ মেধা শক্তিৰ প্ৰয়োজন । যিহেতু মেধাবী সন্তান সকল শিক্ষাৰ ক্ষেত্ৰ খনতে নহয় বুদ্ধিমত্তা সম্পন্নও হয় সেয়েহে তেওঁলোকৰ কাম আৰু ব্যৱহাৰৰ লগতে কিছুমান বেয়া গুণ আমাৰ চকুত সহজে ধৰা নপৰে ।যেতিয়াই আমি তেওঁলোকৰ বেয়া আচৰণ ,বা কামবোৰ প্ৰত্যক্ষ কৰো আমি আচৰিত হওঁ এই কাৰণে কাৰণ আমাৰ মন মগজুত তেওঁলোকৰ বাবে এখন চিত্ৰ অংকণ কৰি থৈ দিওঁ। যেতিয়াই তেওঁলোকে অসাজিক কামত লিপ্ত হোৱা যেন দেখো আমাৰ অন্তৰআত্মা কপি উঠে।
মেধাবী সন্তান সকলে নিজৰ পাৰদৰ্শিতাৰ বাবে তেওঁলোকে ঘৰ খনৰ লগতে সামাজিক স্থিতি এটা গঢ়ি তোলে আৰু সেই সামাজিক স্থিতিটো অবক্ষয় নোহোৱাকৈ ৰাখিবলৈ তেওঁলোকেও যথেষ্ট ত্যাগ চিকাৰ কৰিব লগা হয়। যেতিয়া তেওঁলোকে সামাজিক স্থিতিৰ পৰা পিছলি পৰে বা আগৰদৰে ফলাফল দেখুৱাবলৈ নোৱাৰে তেওঁলোকৰ অবক্ষয় হয় তেতিয়াই মানসিক ভাবে ভাঙি পৰে। সেই সময়ত যদি ঘৰ খনৰ পৰাও কোনো সহযোগ নেপাই লগ সংগ বোৰৰ ওচৰতো তেওঁলোকে হিনমন্যতাত ভোগে আৰু তেতিয়াই কিছুমান নিচাযোক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয় ।তেওঁলোকৰ চিন্তাই মানসিক শান্তিৰ অবক্ষয় ঘটাই তেতিয়াও কিছুমান হিংসাত্মক কাৰ্যৰ প্ৰতি আসক্ত হৈ পৰে । সংগ দোষৰ ফলতো তেওঁলোকৰ চৰিত্ৰৰ স্খলন হোৱা দেখা যায় । লগতে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকৰ ফলাফল অবনমিত হোৱা বা অনাকাংক্ষিত ভাবে হোৱা ভাল ফলাফলৰ বাবেও বহুত সময়ত তেওঁলোকৰ চৰিত্ৰৰ অবক্ষয় হোৱা দেখা যায়।কোনো কোনো সময়ত অভিভাৱক সকলো জগৰীয়া হয় সন্তানৰ প্ৰতি যিমান মনোযোগ দিব লাগিছিল সেই সময়ত তেওঁলোকে মনোযোগ নিদি অধিক পৰিমানে সন্তানৰ হাতত টকা পইচা দি দায়িত্ব সামৰাৰ বাবেও সন্তানৰ চৰিত্ৰৰ অবক্ষয় হোৱা দেখা যায়। সামাজিক পৰিবেশেও সন্তানৰ চৰিত্ৰৰ অবক্ষয় কৰে।
ইয়াৰ মাজতে এইটো কথাও কব পাৰি যে মেধাবী হ’লেই যে চৰিত্ৰৰ অবক্ষয় হ’ব সেইটো নহয় কিছুমান ভোটা বুদ্ধি সম্পন্ন লৰা -ছোৱালীৰো চৰিত্ৰৰ অবক্ষয় হোৱা আমি দেখিবলৈ পাওঁ। প্ৰত্যেকটো মেধাবী সন্তানৰ চৰিত্ৰ অবক্ষয় যেনেকৈ নহয় তেনেকৈ প্ৰত্যেক সন্তানৰ চিন্তা চৰ্চাও বেলেগ বেলেগ হয় । সন্তানৰ মানসিক স্থিতি, সামাজিক পৰিবেশ, আৰু অভিভাৱকৰ ভুভিকাৰ লগতে সন্তানৰ চৰিত্ৰ নিৰ্ভৰ কৰে বুলি মোৰ অনুভৱ হয় ।
