মেট্ৰিক পৰীক্ষা উপযুক্ত তদন্ত আৰু নিকা পৰিচালনাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

মেট্ৰিক পৰীক্ষা উপযুক্ত তদন্ত আৰু নিকা পৰিচালনাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাজ্যৰ মেট্টিক পৰীক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন কাকত ফাদিল, নকলৰ প্ৰাদুৰ্ভাব সহ বিভিন্ন অনিয়মৰ যিবোৰ অভিযোগ উত্থাপিত হৈছে সেই সম্পৰ্কে উপযুক্ত তদন্ত আৰু নিকা পৰীক্ষা পৰিচালনাৰ দাবীত এ আই ডি এছ ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগু আৰু উপ-সভাপতি পল্লৱ পেগুৰ নেতৃত্বত আজি এটি সজাঁতি দলে ছেবাৰ অধ্যক্ষক এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত কোৱা হয় যে, ছাত্ৰ-ছাত্ৰীৰ জীৱনত মেট্টিক পৰীক্ষাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়।কাৰণ এই পৰীক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে জীৱনত প্ৰথম বাৰৰ বাবে গুৰুত্বপূৰ্ণ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ন হয় আৰু জীৱনৰ ভবিষ্যত লক্ষ্য নিৰ্ধাৰণ কৰে। অথচ যোৱা ৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই গুৰুত্বপূৰ্ণ পৰীক্ষা পৰিচালনা সম্পৰ্কে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰশ্ন কাকত ফাদিল,নকলৰ প্ৰাদুৰ্ভাৱ, প্ৰশাসনৰ ব্যৰ্থতাৰ শাস্তি ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত জাপি দি তেওঁলোকক পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰা সহ বিভিন্ন অভিযোগ উত্থাপিত হৈছে। পৰীক্ষাৰ ক্ষেত্ৰত বাৰে বাৰে ঘটা এইধৰণৰ ঘটনাই প্ৰমাণ কৰে যে আমাৰ ৰাজ্যৰ শিক্ষা ’বিভাগ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যত সম্পৰ্কে সম্পূৰ্ণ উদাসীন আৰু শিক্ষা বিভাগৰ ৰন্ধ্ৰে ৰন্ধ্ৰে দুৰ্নীতিয়ে ছানি ধৰিছে। এনেধৰণৰ ঘটনাই ছাত্ৰ-ছাত্ৰী সকলৰ মননজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু চূড়ান্ত নেতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকৰ শিক্ষা জীৱন ক্ষতিগ্ৰস্ত হয়। অৱহেলা আৰু দুৰ্নীতিৰ প্ৰশ্নত অসম চৰকাৰৰ শিক্ষা বিভাগৰ এনেধৰণৰ আপোচে ছাত্ৰ-ছাত্ৰী সকলৰ সমগ্ৰ বছৰৰ পৰিশ্ৰম ধুলিত মিলাই দিয়ে।কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক পোনচাটেই অস্বীকাৰ কৰি চৰম দায়িত্বহীনতাৰ পৰিচয় দিছে যাৰ বাবে ৰাইজৰ মনত এনে সন্দেহ ঘনীভূত হৈছে যে এই বিষয়টিৰ লগত একেবাৰে ওপৰ মহলৰ আমোলা কৰ্মচাৰীলৈকৈ যুক্ত হৈ থাকিব পাৰে।অন্যহাতে ৰাজ্যখনৰ মূৰব্বী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও ঘটনাটোৰ গভীৰতা চিন্তা নকৰাকৈ নকলৰ প্ৰাৰ্দুভাৱ ৰোধ কৰাৰ নামত কাছাৰ জিলাৰ গনিগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী পৰীক্ষা বাতিল কৰি এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আকৌ বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ নিৰ্দেশৰ বিষয়টোৱে ৰাইজৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সেয়েহে, AIDSOৰ অসম ৰাজ্যিক কমিটিয়ে স্মাৰকপত্ৰ যোগে এই সকলোবোৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি অভিযোগবোৰৰ সত্যাসত্য উদঘাটন কৰি তাক ৰাজহুৱা কৰা আৰু দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে এনে ধৰণৰ ঘটনাৰ আৰু যাতে কেতিয়াও পুনৰাবৃত্তি নঘটে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তদুপৰি গনিগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্দোষী ছাত্ৰ-ছাত্ৰী সকলে যাতে অযথা শাস্তি নাপায়, অনতিপলমে তেওঁলোকৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰি মূল পৰীক্ষাৰ লগত একেলগে ফলাফল ঘোষণা কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ বাবেও দাবী জনোৱা হয়।