মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ডিজিপিৰ চাঞ্চল্যকৰ তথ্য
ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিকেন্দ্র আছিল উত্তৰ অসম।অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে দিয়া বিস্ফোৰক তথ্যৰ পাছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনাটোৰ সমস্ত ব্লুপ্রিন্ট। ছাত্ৰ-ছাত্ৰীৰ মূল্যৱান শিক্ষাবৰ্ষক লৈ হেতালি খেলা এচাম দালালৰূপী শিক্ষকৰ পূৰ্বপৰিকল্পনাৰ বাবেই আজি মানসিকভাৱে ভাৰাক্ৰান্ত হ’বলগীয়া হ’ল ৰাজ্যৰ লাখ লাখ শিক্ষার্থী। ডফলাকটা জনজাতি হাইস্কুলৰ সহকাৰী শিক্ষক প্রসন্ন দাসৰ সহযোগত লুইত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক তথা মূল কেন্দ্র তত্ত্বাবধায়ক প্ৰণৱ দত্তৰ জৰিয়তে লাভ কৰা প্রশ্নকাকত ফাদিল কৰিছিল ডফলাকটা হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাই।অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটীত সংবাদ মেলযোগে এই তথ্য সদৰী কৰিছে। কেলেংকাৰিটোৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱা পলাতক হৈ আছিল যদিও আৰক্ষী সঞ্চালক প্রধান সিঙে সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়াৰ কথা প্ৰচাৰ হোৱাৰ পাছতেই দিনৰ ভাগত লখিমপুৰ সদৰ থানাত নাটকীয়ভাৱে আত্মসমৰ্পণ কৰে দালালৰূপী শিক্ষক ৰাজখোৱাই। সম্প্ৰতি কুমুদ ৰাজখোৱা প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাসক গ্ৰেপ্তাৰৰ সকলো প্ৰস্তুতি আৰক্ষীয়ে পূৰ্ণ কৰাৰ লগতে আদালত অনুমতি সাপেক্ষে ট্রানজিট ৰিমাণ্ডত লখিমপুৰৰ পৰা গুৱাহাটীৰ চিআইডিৰ মুখ্য কাৰ্যালয়লৈ মাৰাথন জেৰাৰ বাবে অনাৰ সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। বৃহৎ এই কেলেংকাৰিটো সন্দৰ্ভত বৰ্তমানলৈকে ২৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যাৰ মাজত ১৪জনেই ১৮ৰ অনুৰ কিশোৰ বুলি জানিব পৰা গৈছে।