মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। সোমবাৰে দিনৰ ১১ বজাত মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল প্ৰকাশ পোৱা গেজেট অনুসৰি, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২৩-২৯ মে’লৈ ৰাজ্যৰ ১১০ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল । পৰীক্ষা শেষ হোৱাৰ ১৮ দিনৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ।এইবাৰ ৫৪,৯০৬ গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে কৰিছিল আবেদন । তাৰ বিপৰীতে ৫৪,১৩৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত । অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৪২২ গৰাকীয়ে প্ৰথম বিভাগ, ৮,৯৭৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,১৮৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ৰাজ্যৰ ভিতৰত মুঠ ১৩,৫৮৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে । এইবেলি উত্তীৰ্ণৰ হাৰ ২৫.০৯ শতাংশ ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ১১ এপ্ৰিলত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত অনুত্তীর্ণ ছাত্র-ছাত্রীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিছিল । অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ হৈছিল আৰু মুঠ ১৭০ নম্বৰ লাভ কৰিছিল, সেইসকল পৰীক্ষাৰ্থীয়েহে এই কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷