মেট্ৰিকত চূড়ান্ত বেমেজালি: শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী দিলীপ কুমাৰ শৰ্মাৰ

মেট্ৰিকত চূড়ান্ত বেমেজালি: শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী দিলীপ কুমাৰ শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোৱা চূড়ান্ত বেমেজালিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে। দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ অকৰ্মন্যতাৰ ধিক্কাৰ দি তেওঁৰ পদত্যাগ আজি দাবী কৰে। লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰো পদত্যাগ দাবী জনায়। দীৰ্ঘদিন জৈনক উক্ত পদবীত ৰাখি ছেবাক ধ‌বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে শৰ্মাই। সংবাদমেলত শৰ্মাই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনকে অকৰ্মন্য, ব্যৰ্থ আখ্যা দিয়ে।আনহাতে আজি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ‘ছেবাৰ অকৰ্মন্য অধ্যক্ষই পদত্যাগ কৰক’, ‘ছেবাৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰক’, ‘ছাত্ৰ-ছাত্ৰী হয়ৰ জীৱনক লৈ হেতালি খেলা নচলিব’, ‘মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ গাফিলতি নচলিব’, ‘চূড়ান্ত ব্যৰ্থ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক’, শিক্ষা বিভাগ হায় হায় অসম চৰকাৰ কাম নাই’, ‘প্ৰশ্নকাকত ফাদিলৰ‌ বাবে দায়ী ছেবা’, ‘দোষীক উচিত শাস্তি দিয়ক, ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰক’ আদি শ্ল’গানেৰে ছেবা কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায়।