মেজি – ৰশ্মি ৰেখা দুৱৰা

PcNews18

অণুগল্প

মেজি

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

গাঁৱৰ মুখিয়ালে ৰাইজৰ লগত আলোচনা কৰি মেজি জ্বলোৱা পৰম্পৰা বন্ধ কৰাৰ সিদ্ধান্ত ললে।বহুবছৰৰ আগৰ উৰুকা দিনাৰ কাজিয়া খনে কাল হ’ল।

মনৰ দুখ শাম কাটিবৰ বাবেই নাতিনীয়িকহঁতৰ লগত ঘৰতে মেজিৰ তাপ লৈছে যদিও অতীতৰ আনন্দ নাই।ওচৰৰ গাঁওখনত দাওদাওকৈ পুৱাতে জ্বলা মেজিটো দেখি ককাৰ চকুৰে অশ্ৰু নিগৰি আহিল।