মেছী,ৰোণাল্ডোৰ পিছত ফুটবল বিশ্বৰ নতুন সম্ৰাট কিলিয়ান এমবাপে

মেছী,ৰোণাল্ডোৰ পিছত ফুটবল বিশ্বৰ নতুন সম্ৰাট কিলিয়ান এমবাপে

ৰঙিলী বাৰ্ত্তাসেৱা- বহুতেই হয়তো ভাবিছিল লিঅ’নেল মেছী আৰু ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দৰে মহা তাৰকাই অৱসৰ ল’লেই ফুটবল সাম্ৰাজ্যলৈ নামি আহিব শূন্যতা।কিন্তু কাটাৰ বিশ্বকাপে জনাই দিলে, ফুটবল বিশ্বৰ নতুন সম্ৰাটে ৰাজপাত ল’বলৈ সাজু।আৰু তেওঁ হ’ল কিলিয়ান এমবাপে।কাটাৰৰ লুছাইল ষ্টেডিয়ামত ফ্ৰান্সক টাইব্ৰেকাৰত পৰাস্ত কৰি ৩৬ বছৰ পিছত বিশ্বকাপ জিকিছে আর্জেণ্টিনাই।কিন্তু এটা সময়ত আৰ্জেণ্টিনাৰ জয়ৰ পথত প্ৰাচীৰ হৈ থিয় দিছিল এমবাপে।কেলিয়ান এমবাপেৰ বয়স মাত্ৰ ২৩ বছৰ কিন্তু তেওঁ ইতিমধ্যে ফুটবল জগতৰ সৰ্বাধিক দৰমহা লাভ কৰিছে।কাটাৰৰ লুছাইল ষ্টেডিয়ামত কিলিয়ান এমবাপে আধিপত্য বিস্তাৰ কৰিছিল আৰু নিজকে সঁচাকৈয়ে বিশ্বমানৰ খেলুৱৈ হিচাপে উপস্থাপন কৰিছিল।ইংলেণ্ডৰ জিঅ’ফ হাৰ্ষ্টৰ ৫৬ বছৰ পিছত দ্বিতীয়গৰাকী ফুটবলাৰ হিচাপে ফুটবল বিশ্বকাপত হেটট্ৰিক কৰিলে এমবাপেই।পেনাল্টী শ্বুট আউটতো তেওঁ গ’ল কৰে। কাটাৰ বিশ্বকাপত এমবাপে গ’ল্ডেন বুটৰ অধিকাৰী হয়।তেওঁ বুজাই দিলে,ফুটবল বিশ্বৰ পৰৱৰ্তী সম্ৰাট তেওঁ।