মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত শোকাৱহ ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা– মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত শোকাৱহ ঘটনা। ৰাজ্যখনৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰে ৫জন লোক । এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য অনুসৰি নিৰ্বাচনী সভালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । এখন টাটা ডি আইত আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় গাড়ীখন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত বিধানসভাৰ উপ অধ্যক্ষ ড০ নোমল মমিন উপস্থিত হয়। এই দুৰ্ঘটনাটো আজি পুৱা প্ৰায় ১১ বজাত খাৰকুট্টাৰ বোলমেদাঙত সংঘটিত হৈছে। পৰৱৰ্তী সময়ত আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইপিনে, নিহত লোক কেইজন মেৰিনা চাংমা, চাবিনা মাৰাক, কুকিলা মোমিন আৰু তেছা চাংমা বুলি চিনাক্ত কৰা হৈছে।