মেঘালয়ত অমিক্ৰণত আক্ৰান্ত অসমৰ এজন ব্যক্তি

Pc Telangana Today

মেঘালয়ত অমিক্ৰণত আক্ৰান্ত অসমৰ এজন ব্যক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  মেঘালয়ত ৫জন লোক অমিক্ৰণত আক্ৰান্ত। আক্ৰান্ত ৫জনৰ ভিতৰত অসমৰ এজন ব্যক্তিও আছে।ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জেমছ চাংমাই সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, ৰাজ্যখনত মুঠ ৫জন ব্যক্তিৰ শৰীৰত অমিক্ৰণ পোৱা গৈছে। ইয়াৰে ইষ্ট খাছী হিলছৰ এজন ব্যক্তি। এজন দিল্লীৰ পৰা উভতি অহা আৰু অসমৰ এজন পর্যটকো আক্রান্ত হোৱা বুলি তেওঁ সদৰী কৰিছে।মেঘালয়ত কৰা জেনম পৰীক্ষাত অমিক্ৰনৰ সংক্ৰমণ ঘটা বুলি নিশ্চিত হোৱা অসমৰ এই ব্যক্তিজন কোন স্থানৰ বাসিন্দা অথবা তেওঁৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।