মেঘাছন্ন – সবিতা বেগম

PC Unsplash
মেঘাছন্ন
সবিতা বেগম, বৰপেটা
জন্ম লগ্নৰে পৰাই
সুৰুজৰ সন্ধানত
অধীৰ অপেক্ষা …।
নাজানো …!!!
মই জন্মান্ধ নহয়তো ?
নহ’লে কিয় ???
মাথোঁ প্ৰতীক্ষাৰত
প্ৰতিবন্ধী !!!
সময় গৈ যুগ-শতিকাত পূৰ্ণ
পঞ্জিকাবোৰ
ধুলিতেই নিমজ্জিত।
শান্তিৰ পাৰ জাকো
কেতিয়াবাই উৰি গ’ল।।
এতিয়া…
অনুভৱৰ চাকিবোৰ নুমু নুমু
বʼহাগী জ্বৰত,
উচুপি থাকে শিতানত বহি
আৰ্তনাদৰ দস্তাবেজবোৰ মেলি
তন্দ্ৰাহীন জীৱনটোৱে ।
ক্ৰমান্বয়ে অস্থিৰ …
শব্দৰ পাহাৰ ঠেলি…।।