মৃদু ভূমিকম্পই জোকাৰিলে ৰাজ্য

Pc-The-Satesman

মৃদু ভূমিকম্পই জোকাৰিলে ৰাজ্য

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত মৃদু ভূমিকম্প জোকাৰণি বিয়লি ৪ বাজি ৩০ মিনিট অনুভূত হয় এই জোকাৰণি। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্নপ্ৰান্তত অনুভূত জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল কামৰূপ মহানগৰৰ পৰা ৫ কিলোমিটাৰ আঁতৰত। ভূমিকম্পৰ প্ৰাৱল্য ৪.৩ ৰিখটাৰ স্কেল। ভূগৰ্ভৰ ২৫ কিলোমিটাৰ তলত। বৰ্তমানলৈকে এই ভূমিকম্পৰ কোনো ক্ষয়, ক্ষতিৰ খবৰ লাভ কৰা নাই। গুৱাহাটীৰ লগতে ৰঙিয়া, বাইহাটা চাৰিআলি, নগাঁও,তেজপুৰ, হোজাই, কাৰ্বি আংলং, গোলাঘাট, মঙলদৈ, ছিপাঝাৰ, কলিয়াবৰত অনুভূত জোকাৰণি।