মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায়

মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায়

ৰঙিলী বাৰ্ত্তাসেৱা- এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। হাতত হাত থৈ জীৱনৰ পথত খোজ দিয়াৰ আশাবোৰ পুহি ৰাখিছিল বুকুত। দুয়ো মিলি এক হৈ এখন সুন্দৰ ঘৰ সজাৰ হেঁপাহ সাঁচি ৰাখিছিল মনত। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। নিষ্ঠুৰ নিয়তিয়ে চাৰখাৰ কৰিলে প্ৰাৰ্থনা-বিতোপনৰ সপোনৰ ঘৰখন।আশাবোৰ বুকুত বান্ধি উভতি নহাৰ বাটেৰে এক অজান দেশলৈ গুচি গ’ল প্ৰেমিকা প্ৰাৰ্থনা।সপোনবোৰ বুকুত বান্ধি লৈ কেতিয়াও ঘূৰি নহা পথেৰে গুচি গ’ল প্ৰাৰ্থনা।শুকুৰবাৰে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এক জটিল ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাবতি লয়।দুৰাৰোগ্য ৰোগত প্ৰেয়সীৰ মৃত্যু হোৱাৰ পিছত কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিক বিতোপনে। প্ৰাৰ্থনাৰ লগত দেখা সপোন পূৰণ কৰিলে বিতোপনে।জীৱিত কালত তেওঁলোক দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰিলে।প্ৰাৰ্থনাৰ বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত ছাঁটোৰ দৰে আছিল বিতোপন তামুলী।মৃত্যুৰ পিছতে প্ৰাৰ্থনাৰ ঘৰত উপস্থিত হ’ল প্ৰেমিক বিতোপন তামুলী।মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিক বিতোপনে।প্ৰাৰ্থনা জীয়াই থাকোতে দুয়ো মিলি দেখা সপোন পূৰণ কৰিলে বিতোপনে।নিথৰ দেহৰ কাষত বহি বিতোপনে প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ। প্ৰাৰ্থনাৰ ডিঙিত পিন্ধাই দিলে মালা।লগতে প্ৰাৰ্থনাৰ মৃতদেহৰ সন্মুখতে নিজেও পিন্ধি ল’লে মালা।এই দৃশ্যই সকলোৰে চকু সেমেকাই তুলিলে।প্ৰেম এনেকুৱাই।এফালে যদি আফতাবৰ নিচিনা দানৱ আছে তেন্তে বিতোপনৰ দৰে প্ৰেমিকো আছে।চচিয়েল মিডিয়াত বিতোপনে প্ৰেয়সীক বিদায় জনাই লিখিছে,’এনেকৈ এৰি যাব নালাগিছিল মোক।পাৰা যদি মোকো লৈ যোৱা।তাতেই আমি আমাৰ সংসাৰ পাতিম আৰু আমাৰ পৰিকল্পনাৰ যুগ্ম সন্তান ৰ লগত সুখেৰে থাকিম।…মোক চিৰ জীৱনৰ বাবে কন্দুৱাই তুমি চিৰ শান্তিত থাকা।’