মৃত্যু – সত্যজিৎ গগৈ

PC - The Garden Magazine
মৃত্যু
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
তেওঁৰ মৃত্যুত চকুলো টুকি
আমি অভিনয় কৰোঁ
ক্ষন্তেকৰ বাবে হাঁহিবোৰ ঢাকি
সমবেদনাৰে ভৰাই তোলো
পৰিয়ালৰ শুকান মুখবোৰ।
মনৰ ভিতৰত লুকুৱাই থওঁ
এটি অচিনাকি মানুহ
কোলাহল ভাল নোপোৱা
একান্তভাৱে জীয়াই থকা
ছাই বৰণীয়া আত্মাত বাস কৰা
এটি অকণমানি পোহৰ।
দেহৰ পৰা আত্মালৈ
আত্মাৰ পৰা পৰমাত্মালৈ
শূন্যতে গদা ঘূৰাই
আমি উপলুঙা কৰোঁ
কাৰোবাৰ জীৱনক
আৰু সোঁৱৰাই থাকো
হেৰাই যোৱা কোনোবাৰ
অলিখিত এটি কাহিনী।
কথাবোৰ শেষ হলেও
বাৰে বাৰে খুঁচৰি থাকো
মৃতকৰ জীৱনটোক
মৃত্যুৰ পিচতো তেওঁক
বাৰে বাৰে হত্যা কৰোঁ
আজি জীৱশ্ৰেষ্ঠ মানুহ।।