মৃত্যুৰ পূৰ্বে আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ

Pc UB Photos

মৃত্যুৰ পূৰ্বে আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আমিনা খাতুন নামৰ এগৰাকী মহিলাই উত্তৰ লক্ষীমপুৰ সদৰ থানাত দাখিল কৰিছিল এজাহাৰ৷ জোনমণি ৰাভাই ৬ লাখ টকা দাবী কৰা বুলি উল্লেখ কৰা হৈছে এজাহাৰত৷এজাহাৰত উল্লেখ থকা অনুসৰি, কোনো গোচৰ নথকাকৈ জোনমণি ৰাভাই ৬ মে’ৰ নিশা এজাহাৰকাৰীৰ বাসগৃহত প্ৰৱেশ কৰি এজাহাৰকাৰীৰ পুত্ৰ আজগৰ আলিক শাৰীৰিক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ পত্নীৰ পৰা ৮০ হাজাৰ টকা, ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড, সোণৰ কাণফুলি বলপূৰ্বকভাৱে লৈ গৈছিল৷ তদুপৰি এজাহাৰত উল্লেখ কৰা হৈছে যে জোনমণি ৰাভাই এজাহাৰকাৰীৰ জ্যেষ্ঠ পুত্ৰ আহমদ আলিৰ মাৰুতি ব্ৰীজা গাড়ীখন লৈ যোৱাৰ লগতে পাছদিনা ৬ লাখ টকা লৈ গহপুৰস্থিত অৰুণাচল বাইপাছলৈ যাবলৈ কৈছিল৷ লগতে টকা দাবী কৰাৰ বিষয়ে কোনো ব্যক্তিৰ লগত আলোচনা কৰিলে মিছা গোচৰত ভৰিত গুলিয়াই দিয়াৰ লগতে আজীৱন জে’লত সোমোৱাই ৰখাৰ ভাবুকি জোনমণি ৰাভাই দিয়া বুলি এজাহাৰত উল্লেখ কৰা হৈছে৷