মৃত্যুৰ কেনভাছ- ইভা গন্ধীয়া ফুকন

P.C. Metlink
মৃত্যুৰ কেনভাছ
———————
দুখ জীৱনৰ লগৰী
নিতে ল’ব লাগে আঁকোৱালি
জীয়াতে মৰা জীৱন জীয়াৰ কৰুণ বিননি
ভোকৰ তাড়নাত অসহায় অবলা নাৰীৰ দেহ হয় নিলাম
বন্ধ কোঠাত নিয়ন লাইটৰ পোহৰত
জীয়া মঙহৰ পোহাৰ
ডাচবিনত নৱজাত শিশুৰ ক্ৰন্দন
কাউৰী , কুকুৰৰ ভোজ
আধুনিক মানৱৰ কৰ্ম
লোক লজ্জাৰ ভেঙুচালি
কোন দিশে আমাৰ সভ্যতা
বিজ্ঞানৰ শীৰ্ষ জখলাত উঠি
আদিম মানৱৰ আচৰণ
অনাহাৰে মৃত্যুক সাৱটি লোৱা বৃদ্ধ – বৃদ্ধাৰ
উৱলি যোৱা মৃতদেহ
শুনিব নোখোজো
পৰকীয়া প্ৰেমৰ গইনা লৈ
পতিয়ে – পত্নীক, পত্নীয়ে – পতিক হত্যা কৰাৰ কাহিনী
ভদ্ৰ সমাজৰ অভদ্ৰ আচৰণ
নাৰীৰ নগ্ন শৰীৰে শোভাযাত্ৰা
দলবদ্ধ ধৰ্ষণৰ বলী হোৱা অপহৃতা কিশোৰীৰ মৃতদেহ
পৰি ৰয় পৰিত্যক্ত নৰ্দমাত
মানুহৰ নামত জন্মিছে একাংশ অমানুহ
চাব নিবিচাৰোঁ
আততায়ীৰ গুলীৰে থকা – সৰকা কৰা সুঠাম ডেকাৰ মৃতদেহ
বুকুখন বিষাইছে
কিমান শুনিম আৰু মৃত্যুৰ আৰ্তনাদ
মোৰ অসহায় চকুৰ আগত
সকলো প্ৰহেলিকা  !!!
                    ইভা গন্ধীয়া ফুকন