মৃত্যুপুৰীত পৰিণত তুৰস্ক- এছ ইছলাম

Pc WUSF News
মৃত্যুপুৰীত পৰিণত তুৰস্ক
                      এছ ইছলাম,শিক্ষক
                      মইনবৰী, বৰপেটা
সৃষ্টি কৰ্তাৰ ৰোষত
পৰিল নেকি সিহঁত
শ শ অট্টালিকা ধ্বংস স্তুপত
বাজিল নেকি ধ্বংস-ধ্বনিৰ শিঙা ??
বিমান বন্দৰ শ শ যানবাহন
ভূ-গৰ্ভত বিলীন
জীৱ-জন্তু মৃত্যু বৰণ
কৰিলে অগণন।
সহায়ৰ হাত মহাদুৰ্যোগত
এন,ডি,আৰ,এফ,দল
ৰাষ্ট্ৰদূত ফিৰাট চুনেলে কয়
এয়া বিপদত বন্ধুৰ পৰিচয়।
সৃষ্টি কৰ্তাৰ সৃষ্ট
সকলো হ’ল অনিষ্ট
মানৱে গঢ়া উপাসনা গৃহ
সমূলি থাকিল তিষ্টি।
একোকে নাজানো মই
নিঃকিন মানৱ
জ্ঞান দিয়া অধমক
হে আদি-অনাদি তুমি চিৰশাশ্বত।