মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা
ৰঙিলী বাৰ্ত্তাসেৱা- মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক। বাংলাদেশৰ আদালতে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক নিৰস্ত্ৰ নাগৰিকৰ ওপৰত গুলীচালনা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰিছে। উল্লেখ্য যে ২০২৪ চনত হিংসাত্মক ঘটনাত প্রাণ গৈছিল প্রায় ১৪০০ সাধাৰণ জনতাৰ। এই হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইও শ্বেইখ হাছিনা আছিল বুলি প্রমাণ হোৱাত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখ্য যে শ্বেইখ হাছিনাই প্রতিবাদীক দমন আৰু হত্যা কৰাৰ বাবে মাৰাত্মক অস্ত্ৰ আৰু ড্রোন ব্যৱহাৰ কৰাৰ আদেশ দিয়াৰ দৰে গুৰুতৰ অপৰাধৰ বাবে তেওঁক ফাঁচীৰ আদেশ দিয়া হৈছে। আদালতে ৰায়ত এইটোও কয় যে শ্বেইখ হাছিনা আৰু তেওঁৰ সহযোগীসকলৰ আদেশতেই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। আদালতে মুঠ ৫৪জন সাক্ষীৰ বক্তব্য শুনিছে আৰু কয় যে এই সংখ্যা যথেষ্ট। দেশজুৰি লাভ কৰা প্ৰমাণ আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা অতিৰিক্ত প্ৰমাণো পৰীক্ষা কৰা হয়। মুখ্য ন্যায়াধীশে শুনানিৰ সময়ত কয় যে শ্বেইখ হাছিনাই প্রতিবাদী ছাত্র আৰু অন্যান্য নাগৰিকক হত্যা কৰাৰ আদেশ দিয়ে, যাৰ ফলত বিৰোধী প্রদর্শন অধিক উত্তপ্ত হৈ পৰে। বাংলাদেশৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে সোমবাৰে প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰুদ্ধে এই ৰায় শুনায়। বিগত বছৰৰ ছাত্ৰ আন্দোলনৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে তেওঁৰ বিৰুদ্ধে এই গোচৰ চলিছিল। এই আন্দোলনৰ বাবেই হাছিনাৰ আৱামী লীগ পাৰ্টীৰ চৰকাৰৰ পতন হৈছিল।উল্লেখ্য যে দীর্ঘদিন ধৰি এই গোচৰৰ শুনানি অনুষ্ঠিত হয় ৷ বিভিন্ন সময়ত চৰকাৰী পক্ষৰ পৰা আদালতত মুখ্য চৰকাৰী অধিবক্তা মহম্মদ তাজুল ইছলামৰ পৰা আৰম্ভ কৰি অধিবক্তা মিজানুল ইছলাম, গাজী এম এইচ তামিম আৰু ফাৰুক আহাম্মদে শুনানিত অংশগ্ৰহণ কৰে ৷ ১৩ নৱেম্বৰত গোচৰৰ শুনানি শেষ হয় ৷ উক্ত শুনানিত চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে দেশখনৰ এটর্নী জেনেৰেলে ৷
