“মৃত্যুওটো এটা শিল্প ” -ফখৰুদ্দিন আহমেদ

“মৃত্যুওটো এটা শিল্প “
প্ৰিয় ছাত্ৰ দিলদাৰ ৰেজ্জাকৰ স্মৃতিত এটুপি অশ্ৰু অঞ্জলি

-ফখৰুদ্দিন আহমেদ

চলিত বৰ্ষৰ ঈদ উল্ ফিটৰৰ দিনা কোনোবা এজন যুবক ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নমাজৰ পিছত অচেতন হোৱা খবৰ পাইছিলো। পিছত জানিব পাৰিলো সেই জন আছিল মোৰ প্ৰিয় ছাত্ৰ সকলৰ অন্যতম দিলদাৰ ৰেজ্জাক । দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেওঁ প্ৰাক্তন ছাত্ৰ আৰু ঘৰখনো আছিল শিক্ষানুষ্ঠানখনিৰ প্ৰায় ওচৰতে। এদিন ৰাতি মই তেওঁৰ ঘৰলৈ গৈছিলো। কিছু পৰিমানে অসুখত আক্ৰান্ত হ’লেও অফুৰন্ত মানসিক সাহস বুকুত বান্ধি লৈ জীৱনৰ সংগ্ৰামত অংশ গ্ৰহণ কৰিবলৈ দিলদাৰে যে অংগীকাৰবদ্ধ হৈছিল সেয়া মই বাৰুকৈয়ে অনুভব কৰিছিলো। সেই দিনা তেওঁৰ দেউতাক মোৰ অগ্ৰজ চামিদুল ককাইটি আৰু মাক মোৰ সম্পৰ্কীয় বাইদেউ জহুৰা খাতুনৰ উপস্থিতিত বহু কথাই পাতিছিলো। খুব ভাল লাগিছিল সেই দিনা মোৰ মৰমৰ ছাত্ৰ দিলদাৰক। কাৰণটো হ’ল তেওঁৰ আছিল আন প্ৰাক্তন ছাত্ৰ সকলতকৈ কিছু ব্যতিক্ৰমধৰ্মী গুণ । বিদ্যালয়ত পঢ়ি থকা কালত তেওঁৰ শিক্ষাগুৰু সকলৰ প্ৰতি যি অমায়িক আচৰণ আছিল সেয়া প্ৰাক্তন হোৱাৰ পিছত কমা নাছিল বৰঞ্চ বহু পৰিমাণে বাঢ়িছিল হে।হয়তু এই কাৰণেই বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুৰ লগতে মোৰো অন্তৰত এখনি নিগাজী আসন দখল কৰিবলৈ কৃতকাৰ্য হৈছিল দিলদাৰ।
কিছুমানে ভাবে যে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শণ কৰিব পাৰিলেই শিক্ষাগুৰু সকলৰ প্ৰিয় পাত্ৰ হ’বলৈ সক্ষম হয় , এই সহজ পথটিৰে শিক্ষাগুৰু সকলৰ প্ৰিয় পাত্ৰ হোৱা নাছিল দিলদাৰ ।দিলদাৰে পঢ়ি যোৱা সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ময়ো এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু সম্প্ৰতি এগৰাকী শিক্ষক হোৱাৰ সুত্ৰে এই বিষয়টো কেৱল অনুভব কৰাই নহয়, কাৰ্যক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ পৰা বহুতো ইতিবাচক আৰু নেতিবাচক অভিজ্ঞতাও আহৰণ কৰি থৈছো। নেতিবাচক দিশৰ কোনো বিষয়ৰ স’তে মৰমৰ দিলদাৰ পঢ়ি থকা আৰু প্ৰাক্তন হোৱা কালত কোনো কাৰণতে সম্পৰ্কিত হোৱা মোৰ তথা শিক্ষাগুৰু সকলৰ দৃষ্টিগোচৰ হোৱা নাছিল। শিক্ষাগুৰু সকলৰ প্ৰিয় পাত্ৰ আৰু প্ৰিয় ভাজন হোৱাৰ সৈতে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ অমায়িকতা ,সদাচৰণ আৰু শ্ৰদ্ধা সুলভ মনোবৃত্তিৰ দিশহে বাৰুকৈয়ে জৰিত হৈ থাকে।
কিছুদিন পূৰ্বে মৰমৰ দিলদাৰ বাৰুকৈয়ে অসুস্থ হৈ পৰাৰ খবৰটিয়ে মোৰ লগতে শিক্ষাগুৰুসকল আৰু সানোৱা গাঁওবাসীক উদ্বিগ্ন কৰি ৰাখিছিল। সকলোৱে গভীৰ আন্তৰিকতাৰে আল্লাহ পাকৰ ওচৰত তেওঁৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছিল।
প্ৰথমতে তেওঁক মঙ্গলদৈ আৰু তাৰ পিছত উত্তৰ গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোমত ক্ৰমে পাছ দিন আৰু তিনি দিন মুঠ আঠ দিন চিকিৎসা কৰা হৈছিল যদিও শেহান্তৰত সেই দিন কেইটি অপচয়ৰ তালিকাতহে অন্তৰ্ভুক্ত হৈছিল আৰু মৰমৰ দিলদাৰৰ অসুখ বেছি হোৱাৰ বাহিৰে লাভ একো হোৱা নাছিল। তাৰ পিছত যেনিবা দিছপুৰ জি এন আৰ ছিত ভৰ্তি কৰোৱা হ’ল আৰু তাত সু চিকিৎসাও হ’ল ।তাত বিভাগীয় ভাবে ডাঃ ফাৰজানা বেগম নামৰ সু চিকিৎসক গৰাকীৰ প্ৰচেষ্টাত দিলদাৰ কিছু সুস্থ হৈয়ো উঠিছিল কিন্তু পূৰ্বৱৰ্তী আঠ দিনৰ অপব্যবহাৰৰ বিৰূপ ক্ৰিয়াত পুণৰ তেওঁ জটিল ভাবে অসুস্থ হৈ পৰিছিল।ডাঃ ফাৰজানা বেগমে আপ্ৰাণ প্ৰচেষ্টাত ব্ৰতী হৈছিল যদিও ইতিমধ্যে সময় পাৰ হৈ গৈছিল। অবশেষত বিগত চলিত মাহৰ ২৯ চেপ্তেম্বৰ তাৰিখ বৃহস্পতিবাৰে পুৱতি নিশা মৰমৰ ছাত্ৰ গৰাকীয়ে নিয়তিৰ বিধান মানি ইহ সংসাৰ ত্যাগ কৰিলে। মঙ্গলদৈ আৰু উত্তৰ গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোম দুখনে তেওঁৰ জীৱনৰ সোনালী সময় খিনি যাক ইংৰাজীত “গল্ডেন আৱাৰ ” বুলি কোৱা হয় যদি তাৰ উচিত ব্যবহাৰ কৰিলেহেতেন হয়তু কিছু হ’লেও ইতিবাচক দিশৰ আশা কৰিব পৰা গ’লহেতেন।
হেৰাই গ’ল প্ৰায় ২২/২৩ বছৰীয়া প্ৰাণোচ্ছল , গতিশীল চিন্তাৰ অধিকাৰী , কৰ্মঠ মানসিকতাৰ একমাত্ৰ পুত্ৰ গৰাকী তেওঁৰ পিতৃ তথা পৰিয়ালৰ জীৱন সংগ্ৰামৰ ক্ষেত্ৰখনিৰ পৰা । অতি মৰমৰ ছাত্ৰ হ’লেও , পিতৃ মাতৃৰ একমাত্ৰ মৰমৰ পুত্ৰ হ’লেও , একমাত্ৰ ভনীয়েক গৰাকীৰ অতি মৰমৰ একমাত্ৰ ককায়েক হ’লেও ,সহপাঠী তথা সমনীয়াৰ অতি মৰমৰ বন্ধু হ’লেও দিলদাৰ সঁচাকৈয়ে এখন অজান দেশলৈ গুছি গ’ল। মই বা আমি এতিয়া কি কৰিব পাৰো তেওঁৰ কাৰণে ? আমি সকলোৱে এতিয়া নেদেখা জনৰ ওচৰত দিলদাৰ ৰেজ্জাকৰ বাবে পৰম কৰুণাময় আল্লাহ পাকৰ ওচৰত বিশুদ্ধ অন্তকৰণৰে দোৱা কৰিছো যাতে তেওঁ মৰমৰ দিলদাৰক জান্নাতুল ফিৰদৌছত উচ্চ স্থান দান কৰে । সমনীয়া তথা উঠি অহা প্ৰজন্মই মৰমৰ দিলদাৰৰ মূল আকৰ্ষণীয় গুণ অমায়িকতাক সমুখত লৈ নিজৰ নিজৰ জীৱন সংগ্ৰামত সফলতাৰ দিশত অগ্ৰসৰ হওক। তেতিয়াহে দিলদাৰ ৰেজ্জাক চিৰদিন আমাৰ মাজত প্ৰকৃতাৰ্থত জীয়াই থাকিব।