মৃগতৃষ্ণা – মিতালি বৰঠাকুৰ

PC Become a Writer Today

মৃগতৃষ্ণা

মিতালি বৰঠাকুৰ ( আচাৰ্য )
      গুৱাহাটী  ( মালিগাওঁ )

 শুনিছিলো ,
কবি বোৰ বোলে দুখৰ ফচল।
সঁচাকৈ , কবিবোৰে হৃদয়ৰ জোলোঙাত
লৈ ফুৰে দুখৰ পাহাৰ।
মুখত এটা হাঁহি লৈ বিলায় ফুৰে
হাঁহিৰ মৌচাক।

কবিৰ কবিতাই আত্মা
যাক সযতনে এমুঠি ভালপোৱাৰে সজাই
কলিজাৰ ৰঙেৰে বোলাই
শব্দৰ ছন্দৰে প্ৰাণোজ্বল কৰি তোলে।
কবিৰ পৰা কেতিয়াও হেৰাই নোযোৱাৰ
প্ৰতিশ্ৰুতিৰে কবিতা হৈ পৰে চিৰ লগৰী।

কবিৰ হাতৰ পৰশত কবিতাই নৱ যৌৱন পায়।
তাতেই যেন কবিৰ সার্থকতা
পাহৰি যায় অলেখ দুখৰ যন্ত্ৰণা।
কবিতাৰ মাজতেই বিচাৰি পায়
জীয়াই থকাৰ অসীম প্ৰেৰণা।
প্ৰতি পলে বিচাৰে কবিতাৰ সান্নিধ্য।

সেয়ে হয়তো কবিয়ে স্বগতোক্তি কৰে
কবিতা , তুমি কবিক এৰি নাযাবা।
তোমাক শব্দ দিম , ৰূপ দিম ,
কলিজাৰ ৰং দিম
আৰু দিম ছন্দ , অলংকাৰ।
মাথোঁ তুমি দুখৰ কবিক এৰি নাযাবা
কিয়নো কবি বোৰ হ’ল দুখৰ ফচল।
দুখ বোৰ বুকুত লৈ জীৱনৰ বাটত
প্ৰতি পলে অন্বেষণ কৰে
হেঁপাহৰ মৃগতৃষ্ণাৰ।