মূৰ্খ মানুহৰ অল্প জ্ঞান অত্যাধিক ভয়ংকৰ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
এই আলোচনাৰ জৰিয়তে মই নিজকে কেতিয়াও সৰ্বোচ্চ জ্ঞানী মানুহৰ আসনত বহুৱাবলৈ চেষ্টা কৰা নাই এইটোৱে পোনপ্ৰথমে আপোনালোকক অবগত কৰিব বিচাৰোঁ। আচলতে জগতৰ আগত মূৰ্খ দৰে আচৰণে সৰ্বোচ্চ।সচৰাচৰ দেখিবলৈ পোৱা মতে, এজন মূৰ্খ মানুহক যেতিয়া জ্ঞান প্ৰদান কৰা হয় সেই সময়ত এজন মূৰ্খ মানুহে সকলোখিনি কথা আয়ত্ত কৰাৰ ভেকুভাওনা ধৰে। কিন্তু প্ৰকৃততে তেওঁ প্ৰায়বোৰ বিষয় বস্তুৰ বিতংকৈ জ্ঞান আহৰণ কৰাতকৈ কেৱল উপৰা-উপৰি জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ লগে লগে এজন মূৰ্খয়ে বহুখিনি কথা আয়ত্ত কৰাৰ দৰে নিজৰ মনত বহুতো গৰ্ভ অনুভৱ কৰে। ইয়াৰ উপৰিও মূৰ্খ মানুহৰ আন এক বৈশিষ্ট্য হ’ল মূৰ্খ মাধুহক কেতিয়াও তেওঁ অৰ্জন কৰা জ্ঞানতকৈ অধিক জ্ঞান প্ৰদান কৰা সম্ভৱপৰ নহয়। সেয়েহে মূৰ্খ মানুহৰ অল্প জ্ঞান অত্যাধিক ভয়ংকৰ বুলি ক’ব পাৰি।চাওঁক কেতিয়াবা কি হয় এজন মদ্যপান কৰা ব্যক্তি এজনে আপোনাক উদ্দেশ্য কৰি হয়তো বহু মানুহৰ আগত কিবাকিবি বকি যাবলৈ আৰম্ভ কৰি দিয়ে। এতিয়া কথা হ’ল আপুনি সেই মদ্যপান কৰা ব্যক্তিগৰাকী ওপৰত খং কৰি হাতে মুখে লাগিবলৈ আৰম্ভ কৰি দিব নে সেই ঠাইখনৰ পৰা লাহেকৈ আতৰ হৈ আহিব? এইটো আচলতে কেৱল অকল মদ্যপান কৰা ব্যক্তিক লৈয়ে কথা নহয়। সেই মদ্যপান কৰা ব্যক্তিৰ ঠাইত অন্যান্য সাধাৰণ মানুহ হ’ব পাৰে তাতে কোনো কথা নাই। এতিয়া কথা হ’ল তেনেধৰণৰ পৰিস্থিতিৰ আপুনি যদি মূৰ্খ হয় তেন্তে তাতে থাকি বাদ বিবাদ কৰাত লিপ্ত হ’ব । আনহাতে আপুনি যদি সচাকৈয়ে জ্ঞনী মানুহ হয় তেন্তে সেই ঠাইখিনিৰ পৰা নিজকে লাহেকৈ আতৰ কৰি আনিব। এইটো মাথোঁ এক সামান্য উদাহৰণ।আচলতে এজন জ্ঞানী আৰু এজন মূৰ্খ মানুহৰ পাৰ্থক্যবোৰ দৰাচলতে মানুহজনৰ আচাৰ,ব্যৱহাৰৰ, যুক্তি, বুদ্ধি,চিন্তন প্ৰক্ৰিয়াবোৰতে উপলব্ধি কৰিব পাৰি। শুনিবলৈ একেবাৰে শুৱলা নহয় যদিও বৰ্তমান সময়তো আমাৰ প্ৰায়বোৰ ঠাইতে সমাজ ব্যৱস্থা এচাম মূৰ্খ মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে । সেইকাৰনে বৰ্তমান সময়তো আমি এনে দোষদায়ী পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে। আৰু আনফালে আমাৰ সমাজখনত বসবাস কৰা বেছিভাগ লোকসকলৰে স্বভাৱ একেবাৰে হোজা। কিন্তু এচাম বুদ্ধিয়ক সমাজে এই সকলোখিনি পৰিস্থিতিৰ পৰা নিজকে সদায় আতৰ কৰি ৰাখিছে। এষাৰ কথা হয়তো আমি প্ৰায়েই শুনিবলৈ পাওঁ ‘অল্প শিক্ষা বহু ভয়ংকৰ’। এই কথাষাৰৰ কাক উদ্দেশ্য কৰি কোৱা হৈছে হয়তো এতিয়া সকলোৱে হয়তো ধৰিব পাৰিছে নহয়নে ?