মুষলধাৰ বৰষুণত মহানগৰীত ভয়াবহ কৃত্ৰিম বান

মুষলধাৰ বৰষুণত মহানগৰীত ভয়াবহ কৃত্ৰিম বান

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটীত পুনৰ অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্রিম বানত প্লাৱিত হৈ পৰাৰ লগতে মূল পথসমূহ পানীৰে ভৰি পৰাত যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে। গুৱাহাটীৰ মালিগাঁও, লালমাটি,গড়চুক, অনিল নগৰ, চানমাৰি, ৰুক্মিণীগাঁও, বৰাগাঁও, বেহাৰবাৰী, নালাপাৰা, পাঞ্জাবাৰী আদি অঞ্চল কৃত্রিম বানত সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰে। জালুকবাৰীৰ পৰা খানাপাৰালৈকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষকৈ বৰাগাঁও, বেহাৰবাৰী আদি অঞ্চলসমূহৰ ৰাজপথত একঁকাল পর্যন্ত পানীত বহু বাহন আবদ্ধ হৈ পৰে। সমগ্ৰ ৰাজপথছোৱাতে কৃত্রিম বানৰ বাবে তীব্র যান-জঁটৰো সৃষ্টি হয়। বাছ, ট্রাক, চাৰিচকীয়া বাহন আদি দীর্ঘসময় এই ৰাজপথছোৱাত আবদ্ধ হৈ পৰে। আনহাতে মহানগৰীৰ কেইবাটাও মূল পথ কৃত্রিম বানে বুৰাই পেলোৱাৰ ফলত যান-বাহনৰ চলাচল কেইবাঘণ্টা ধৰি স্তব্ধ হৈ পৰে। চানমাৰিৰ পৰা নাৰেংগী, পাঞ্জাবাৰীৰ পৰা ছয়মাইল, দিছপুৰ লাষ্টগেটৰ পৰা বেলতলা, কাহিলিপাৰা, হাতীগাঁও আদি অঞ্চলৰ মূল পথ পানীয়ে বুৰাই পেলোৱাৰ ফলত বাহনসমূহ ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থাকে। পানীত আবদ্ধ হোৱাৰ ফলত বহু বাহনৰ যান্ত্রিক বিজুতি হোৱাও পৰিলক্ষিত হয়। ইপিনে বৰষুণৰ ফলত যোৰাবাটত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে যোৰাবাটৰ বৃহত্তৰ অঞ্চল প্লাৱিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে প্লাবিত কৰে। ইফালে কালি হোৱা বৰষুণত যোৰাবাটত একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল। বুধবাৰে যোৰাবাটৰ কৃত্ৰিম বানত দুর্গা শৰ্মা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৰোহিতাশ চৌধুৰী নামৰ এজন ২৬ বছৰীয়া যুৱক সন্ধানহীন হয়। যুৱকজনক উদ্ধাৰৰ বাবে আৰক্ষী আৰু এনডিআৰএফে অভিযান অব্যাহত ৰাখিছে যদিও তেওঁৰ কোনো শুংসূত্র তেওঁলোকে উলিয়াব পৰা নাই। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গুৱাহাটীত বিজুলী-ঢেৰেকনিৰে মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। পৰৱৰ্তী ২৪ ঘণ্টাত ৬ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে বুলিও বিভাগে সম্ভাৱনা ব্যক্ত কৰিছে। যাৰ ফলত কৃত্রিম বানৰ লগতে মহানগৰীৰ পাহাৰসমূহৰ ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰ সকীয়নিও প্রদান কৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এক বিজ্ঞপ্তিত সদৰী কৰা অনুসৰি মহানগৰ কৰ্তৃপক্ষই সমগ্ৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন সেৱাসমূহক সজাগ কৰি ৰখা হৈছে। সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটীৰ লোকসকলক আৱশ্যকীয় সাৱধানতাৰ লগতে সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বতৰৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক বিভিন্ন স্থানলৈ অহা-যোৱা কথা তথা দূৰৱৰ্তী স্থানলৈ ভ্রমণ কৰা লোকসকলকো সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে। বৰষুণৰ সময়ছোৱাত অপ্রয়োজনীয়ভাৱে ঘৰৰ বাহিৰলৈ নাহিবলৈও প্ৰাধিকৰণৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। আনহাতে নামনি অথবা পাহাৰৰ সমীপত বাস কৰা লোকসকলক বান তথা ভূমিস্খলনৰ প্ৰতি সজাগ হ’বলৈ প্ৰাধিকৰণে সতৰ্ক কৰি দিছে। এই সময়ছোৱাত স্থানীয় লোকসকলক বতৰ সন্দৰ্ভত শেহতীয়া খবৰ ৰখাৰ লগতে স্থানীয় কর্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলী পালন কৰি নিজকে সুৰক্ষিত ৰাখিবলৈ তেওঁলোকে আহ্বান জনাইছে। ইফালে সম্প্ৰতি দেশৰ বাহিৰত থকা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে, অহা দুদিনলৈ সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটী তথা গুৱাহাটীৰ নিকটৱৰ্তী মেঘালয়তো ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণজনিত সামগ্রিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভাগীয় বিষয়া-কর্মচাৰীসকলে যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও ৰাইজক অহা দুদিনলৈ কিছুমান অঞ্চলত ৰাইজক সাৱধানতা অৱলম্বন কৰি চলিবলৈ আহ্বান জনালোঁ।