মুম্বাই ইণ্ডিয়ানছৰ প্রথমখন মেচত নেতৃত্বত সূর্যকুমাৰ যাদৱ

মুম্বাই ইণ্ডিয়ানছৰ প্রথমখন মেচত নেতৃত্বত সূর্যকুমাৰ যাদৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অষ্টাদশ সংস্কৰণটো আৰম্ভ হ’ব। প্রতিযোগিতাখনৰ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ২৩ মার্চত শক্তিশালী প্রতিদ্বন্দ্বী চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলি প্রতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব। অৱশ্যে এই মেচখনত মুম্বাই ইণ্ডিয়ানছে নিয়মীয়া অধিনায়ক হার্দিক পাণ্ডিয়া অবিহনে খেলপথাৰত নামিব। হার্দিক পাণ্ডিয়াৰ অনুপস্থিতিত সূর্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। সূর্যকুমাৰ যাদৱে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ উদ্বোধনী মেচত দলটোৰ অধিনায়কৰ দায়িত্ব বহন কৰিব। মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া অধিনায়ক হার্দিক পাণ্ডিয়াই বুধবাৰে সংবাদ মেলত এই তথ্য প্রদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ আইপিএলত তিনিখনকৈ মেচত লেহেমীয়া গতিত বলিং কৰাৰ অপৰাধত হার্দিক পাণ্ডিয়াক এখন মেচৰ পৰা নিলম্বন কৰা হৈছিল।