মুম্বাইত হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যু

মুম্বাইত হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- মুম্বাইত ধূলিৰ ধুমুহা ফলত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ধূলিৰ ধুমুহাৰ ফলত ১০০ ফুট ওখ হৰ্ডিং পৰিল ভাঙি। এই ভয়ংকৰ ঘটনাত ১৪ জন লোকৰ মৃত্যু হয়। আৰু ঘটনাটোত ৭০ জনতকৈ অধিক লোক আহত হয়।  দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে এন ডি আৰ এফৰ এটা দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ হৰ্ডিঙে হেচি ধৰা লোকসকলক উদ্ধাৰ কৰে। মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক। আনহাতে ৩১ জনক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা উলিয়াই দিয়া হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শোক প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, “মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত হৰ্ডিং খহি পৰাৰ ফলত বহুলোকৰ প্ৰাণ হেৰুওৱাৰ খবৰ অতি দুখজনক। মই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। মই আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু সাহায্য আৰু উদ্ধাৰ অভিযানত সফলতা কামনা কৰিছো।”উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে সন্ধিয়া ভাগত ঘটনাস্থল পৰিদৰ্শন কৰে। তেওঁ কয় যে, ঘটনাৰ দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলিও জনায়।