মুম্বাইত টাটা গ্রুপৰে বৈঠক মুখ্যমন্ত্রীৰ

মুম্বাইত টাটা গ্রুপৰে বৈঠক মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক এডভান্টেজ আছাম ২.০ সন্মিলনৰ প্ৰচাৰৰ বাবে মুম্বাইলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই টাটা কোম্পানীৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি আগন্তুক এডভান্টেজ আছাম ২.০ তথা বিনিয়োগ আৰু ঔদ্যোগিক ক্ষেত্রত অসমৰ বৃহৎ সম্ভাৱনীয়তাৰ বিষয়ে মত বিনিময় কৰে। অসমত বিনিয়োগৰ পূৰ্ণ সম্ভাৱনীয়তাৰ বিষয়ে উপস্থাপন কৰি টাটা গ্রুপৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধিবৰ্গৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হয়। বৈঠকত টাটা গ্রুপৰ হৈ টাটা কনজিউমাৰৰ মুখ্য কাৰ্যর্যবাহী বিষয়া সুনীল ডিছোজা, টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ড° প্ৰবীৰ সিন্‌হা, টাটা ইলেক্ট্রনিক্স মুখ্য কার্যবাহী বিষয়া ড° ৰন্ধিৰ ঠাকুৰ, আই এইচ চি এলৰ ই ভি পি সুমা ভেংকটেশ, টাটা ছ’নছৰ জ্যেষ্ঠ উপাধ্যক্ষ সুচাৰিতা চৌধুৰী আৰু টি এছ এম জিৰ অধ্যক্ষ ৰাজ ময়ূৰ শৰ্মা উপস্থিত থাকে। এই মত বিনিময়ৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনি, সেউজ শক্তি, চাহ, ইলেক্ট্রনিক্স, ছেমিকণ্ডাক্টৰ, দক্ষতা বিকাশ আদি বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে। এই আলোচনাকালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমৰ বাবে টাটা গ্ৰুপৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ পৰ্যালোচনা কৰাৰ লগতে অহা ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত টাটা গ্রুপৰ অংশগ্রহণ আৰু সক্রিয় সহযোগিতা কামনা কৰে।  অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তিনিদিনীয়া ভ্রমণসূচীৰে মুম্বাইত ৰোড শ্ব’ত ভাগ ল’বলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোত আছে মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড° লক্ষ্মনম এছ। উল্লেখ্য যে অসম চৰকাৰে আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন সন্দৰ্ভত এফ আই চি চি আইৰ সহযোগত অহা ৬ জানুৱাৰীত মুম্বাইত এক ৰোড শ্ব’ৰ আয়োজন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই ৰোড শ্ব’ত ২০২৪ বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৯.১ শতাংশ বৃদ্ধিকে ধৰি অসমৰ অৰ্থনৈতিক বিকাশ তথা বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ উজ্জ্বল ছবিখন দাঙি ধৰা হ’ব। আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক সন্মিলন সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশত অসমে এক গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ সাজু হৈছে। অনুকূল ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্যখনৰ নিৰম্ভৰ প্ৰচেষ্টা আৰু উদীয়মান খণ্ডসমূহৰ ওপৰত ৰাজ্যখনৰ কৌশলগত মনোনিবেশে ফল দিবলৈ ধৰিছে। তেওঁ কয় যে ভাৰতত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসমৰ এক আগশাৰীৰ গন্তব্যস্থান হিচাপে উত্থান ঘটিছে।