মুম্বাইত উদ্ধাৰ অভিনেত্ৰীৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- বলীউদ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’ ফেম অভিনেত্ৰী নুৰ মালৱিকা দাসৰ মৃত্যু। মুম্বাইৰ ফ্লেটত উদ্ধাৰ হৈছে মডেল তথা অভিনেত্ৰী নুৰ মালবিকা দাসৰ মৃতদেহ। অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ এটা ফ্লেটৰ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সদৰি কৰিলেও বৰ্তমানলৈকে চলি আছে ঘটনাৰ সন্দৰ্ভত তদন্ত।মুম্বাইৰ লোখণ্ডৱালাস্থিত এটা ফ্লেটত অকলেই বাস কৰিছিল অসমৰ অভিনেত্ৰীগৰাকীয়ে।নুৰ মালৱিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব ছিৰিজ, টিভি ছিৰিয়েল আৰু বলীউদৰ ছবিত অভিনয় কৰিছে। নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল নুৰে।কেইবাদিনো ধৰি ঘৰৰ পৰা ওলাই নহাৰ বাবে চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি উদ্ধাৰ কৰে মালবিকাৰ নশ্বৰ দেহ।