মুছলিম চিকিৎসকৰ দলে সংঘটিত কৰিছিল লালকিল্লা বিস্ফোৰণ

মুছলিম চিকিৎসকৰ দলে সংঘটিত কৰিছিল লালকিল্লা বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- জইছ-ই-মহম্মদৰ পৰিকল্পনাতে ফৰিদাবাদৰ চিকিৎসালয়ত কৰ্মৰত তিনি চিকিৎসকে নতুন দিল্লীৰ লালকিল্লাত সংঘটিত কৰিছিল বিস্ফোৰণ। ১৩জন লোকৰ প্ৰাণ কাঢ়ি নিয়া এই ঘটনাত এগৰাকী মহিলা চিকিৎসকেও নেতৃত্ব দিয়া বুলি তথ্য প্রকাশ পাইছে। ইতিমধ্যে আটাইকেইজন মুছলিম জেহাদী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সংস্থাই প্রকাশ কৰা মতে, ফৰিদাবাদৰ চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসক হিচাপে কাম কৰা তিনি চিকিৎসক হ’ল ক্রমে- মোজাম্মিল ছাকিল, ওমৰ নবী, ডাঃ আদিল আহমেদ ৰাথেৰ আৰু শাহিন শ্বাহিদ। ইয়াৰে মোজাম্মিল আৰু ওমৰ কাশ্মীৰৰ আৰু শাহিনৰ ঘৰ আছিল লক্ষ্ণৌত। চোৰাংচোৱা সংস্থাৰ তথ্যত প্ৰকাশ পোৱা মতে, ওমৰে আল-ফালাহতো কাম কৰিছিল আৰু তেওঁ চিকিৎসক মোজাম্মিলৰ ঘনিষ্ঠ সহযোগী আছিল। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে ট্রেফিক ছিগনেলৰ সমীপত হোৱা বিস্ফোৰণত জড়িত বাহনখন চলাইছিল ওমৰে। সেই সময়তে ওমৰে আত্মঘাতী আক্ৰমণৰ সিদ্ধান্ত লৈছিল নেকি বুলিও তদন্তকাৰী সংস্থাই জোৰদাৰ তদন্ত চলাইছে। সোমবাৰে হাৰিয়ানা আৰক্ষী আৰু জম্মু-কাশ্মীৰৰ আৰক্ষীৰ যৌথ অভিযানত ফৰিদাবাদ আৰু কাশ্মীৰৰ সমান্তৰালভাৱে ম মোজাম্মিল ছাকিলৰ গৃহত ২,৯০০ কিলোগ্রাম বিস্ফোৰক উদ্ধাৰৰ পিছতে সোমবাৰে সন্ধিয়ালৈ দিল্লীত বিস্ফোৰণ সংঘটিত হৈছিল। চিকিৎসালয়ত কৰ্মৰত হৈ সন্ত্রাস বিয়পাইছিল এইকেইজন চিকিৎসকে। এইক্ষেত্রত সহযোগিতা আগবঢ়াইছিল জইছ-ই-মহম্মদৰ ঘনিষ্ঠ ভগ্নী ছাদিয়াই। ছাদিয়াই জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভগ্নী সংগঠন জামাত-উল-মোমিনত নামেৰে এক গোটৰ নেতৃত্ব দিছিল। তেওঁৰ লগতে আন এগৰাকী ভগ্নী ছমিৰা আজহাৰে দুৰ্বল মহিলাসকলক লক্ষ্য কৰি অনলাইন ক্লাছৰ জৰিয়তে সন্ত্ৰাসৰ প্ৰতি আসক্ত হ’বলৈ উৎসাহ যোগাইছিল। এইগৰাকী চিকিৎসক অধ্যাপিকাই সহযোগী চিকিৎসক ছাকিলৰ সৈতে দিল্লীৰ বিস্ফোৰণৰ পৰিকল্পনা যুগুত কৰিছিল। এইগৰাকী মহিলা চিকিৎসকে ভাৰতত জামাত-উল-মোমিনতৰ শাখাৰ দায়িত্বত আছিল। চোৰাংচোৱা সংস্থাই সদৰী কৰা মতে, বহু যুৱতীক মানসিকভাৱে বিপথে পৰিচালিত কৰি মানৱ বোমা প্ৰস্তুত কৰাত সিদ্ধহস্ত ছাদিয়া। ইফালে কালি গ্ৰেপ্তাৰ কৰা চিকিৎসক শ্বাহিন শ্বাহিদৰ বাহনৰ পৰা ৰাইফল আৰু গোলা-বাৰুদ উদ্ধাৰ হৈছিল। বালাকোটৰ আক্রমণ আৰু ৭ মে’ত অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাই পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদৰ ঘাটিত বৃহৎ আক্রমণ সংঘটিত কৰাৰ পিছৰে পৰা বিদ্রোহী গোটটোৰ ভাৰতত পুনৰ এক ভয়ংকৰ আক্ৰমণৰ আগতীয়া তথ্য লাভ কৰিছিল চোৰাংচোৱা সংস্থাই। ইয়াৰ ভিত্তিতে জম্মু আৰু দিল্লীৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহত জোৰদাৰ অভিযান আৰম্ভ কৰিছিল আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পিছতে আশংকা কৰা মতেই দিল্লীত কাৰবোমা বিস্ফোৰণ ঘটায় সন্ত্রাসবাদী সংগঠনে।