মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মিথ্যাচাৰ উদঙাই বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সংবাদমেল

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মিথ্যাচাৰ উদঙাই বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  নিৰ্বাচনমুখী বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণ বা এছআইআৰক লৈ অব্যাহত থকা উত্তপ্ত বিতৰ্ক আৰু ‘ভোট চুৰি’ৰ অভিযোগক পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট। এছআইআৰ আৰু ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত দেওবাৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা ‘ইতিহাসৰ আটাইতকৈ লজ্জাজনক’ প্ৰত্যুত্তৰৰ পিছতে মুখ্য নিৰ্বাচন আয়োগক পুনৰ উভতি ধৰে বিৰোধীয়ে। কংগ্ৰেছ, আৰজেডি, চিপিআই, সমাজবাদী পাৰ্টি, ডিএমকে, তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য মিত্ৰ দলসমূহে যৌথ সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। বিৰোধীয়ে অভিযোগ কৰে যে আয়োগে নিৰপেক্ষ হোৱাৰ পৰিৱৰ্তে শাসকীয় দলৰ মুখপাত্ৰৰ দৰে আচৰণ কৰিছে আৰু নিৰ্বাচনী ন্যায় ৰক্ষাৰ দায়িত্বৰ পৰা আঁতৰি আহিছে। সংবাদমেলত চিপিআই (এম) নেতা জন ব্ৰিটাছে নিৰ্বাচন আয়োগক পক্ষপাতদুষ্ট আৰু এটা ৰাজনৈতিক দলৰ হৈ কাম কৰাৰ প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “আমি অনুভৱ কৰোঁ যে নির্বাচন আয়োগ নিৰপেক্ষ নহয়। বৰঞ্চ তেওঁলোকে পক্ষপাতদুষ্ট আৰু অন্যায় আচৰণ কৰিছে৷” বিৰোধীয়ে অভিযোগ কৰে যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকৃততে বিজেপিৰ ভাষা কৈছে। ভোটাৰ তালিকাত এছআইআৰ আৰু অন্যান্য অনিয়ম সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ তেওঁ নিদিলে। ইফালে, সংবাদমেলত উপস্থিত থকা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে অভিযোগ কৰি কয়, “সংবিধানে সাধাৰণ নাগৰিকক দিয়া সৰ্ববৃহৎ অধিকাৰ হৈছে ভোটাধিকাৰ। গণতন্ত্ৰৰ ভেটি সেয়া। আৰু ইয়াক ৰক্ষা কৰাটো নিৰ্বাচন আয়োগৰ দায়িত্ব। কিন্তু আজি আয়োগে সেই দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে।” লগতে তেওঁ কয়, “বৰঞ্চ মুখ্য নিৰ্বাচন আয়ুক্তই ৰাজনৈতিক দলসমূহক আক্ৰমণ কৰিছে। যদি সঁচাকৈয়ে আয়োগ নিৰপেক্ষ, তেন্তে ৰাজনৈতিক দলসমূহৰ লগত আলোচনা নকৰাকৈ নিৰ্বাচনৰ মাত্ৰ তিনিমাহ আগতে কিয় এছআইআৰ কৰা হ’ল সেই কথা বুজাব লাগে। ইমান খৰখেদা কৰাৰ কাৰণ কি?’’ সংবাদমেলত আৰজেডি নেতা মনোজ ঝাইও আয়োগক আক্ৰমণ কৰে। তেওঁ কয়, “সংবিধান গণতন্ত্ৰক ৰক্ষা কৰিবলৈ। কিন্তু আপুনি ইয়াক সাংবিধানিক নৈতিকতাক আওকাণ কৰিবলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। এইটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।’’ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাইও আয়োগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বে ডুপ্লিকেট ভোটাৰ কাৰ্ডৰ সমস্যাৰ বিষয়ে সকীয়াই দিছিল। কিন্তু সেই সমস্যা এতিয়াও সমাধান হোৱা নাই।” কেৱল সেয়াই নহয়, পূৰ্বতে কাম কৰা নিৰ্বাচনী আয়ুক্তসকলৰ বিৰুদ্ধেও তদন্ত কৰিবলৈ দাবী জনায় মহুৱা মৈত্ৰাই। তেওঁৰ ভাষাত, “যদি ভোটাৰ তালিকাত অনিয়ম হৈছিল আৰু সেই তালিকাৰ ভিত্তিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেন্তে সেই আয়োগসমূহ ন্যায়ৰ কাষ চাপিব লাগে। আৰু বৰ্তমানৰ লোকসভাখন তৎক্ষণাত ভংগ কৰিব লাগে।” অন্যহাতে, সমাজবাদী পাৰ্টিৰ নেতা ৰামগোপাল যাদৱে সংবাদমেলত সোঁৱৰাই দিয়ে যে ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টিয়ে আয়োগক শপতনামা দাখিল কৰিছিল য’ত উল্লেখ আছিল যে প্ৰায় আঠাইশ হাজাৰ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। তেওঁ অভিযোগ কৰে, “যেতিয়া অখিলেশ যাদৱে ক’লে যে এছ পি সমৰ্থকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে, আমি প্ৰমাণৰ সৈতে শপতনামা দাখিল কৰিছিলো। কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কিন্তু আজি আয়োগে ৰাহুল গান্ধীৰ পৰা শপতনামা বিচাৰিছে।” মন কৰিবলগীয়া যে, দেওবাৰৰ সংবাদমেলত এগৰাকী সাংবাদিকে এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দি কোনো ৰাজনৈতিক দলে আয়োগক শপতনামা দাখিল কৰা নাই বুলি দাবী কৰিছিল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। কিন্তু আয়োগৰ এই সংবাদমেলৰ পিছতে পুনৰ উন্মোচিত হয় জ্ঞানেশ কুমাৰৰ মিথ্যাচাৰ। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অখিলেশ সিং যাদৱে দাখিল কৰা শপতনামাৰ কপি ৰাজহুৱা কৰে। ইফালে আজি সংবাদমেলত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে অভিযোগ কৰে যে আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰা ভোটাৰ তালিকাখন যদি ভুৱা বুলি প্ৰমাণিত হয়, তেন্তে গণতন্ত্ৰ ভয়াৱহ সংকটত পৰিব। তেওঁলোকে দাবী কৰে যে কেৱল বৰ্তমানৰ বিৰুদ্ধে নহয়, বিগত নিৰ্বাচন আয়ুক্তসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব লাগিব। একে সময়তে অনিয়মিত নিৰ্বাচনী তালিকাৰ ভিত্তিত গঠন কৰা বৰ্তমানৰ লোকসভাখনো অবৈধ ঘোষণা কৰি ভংগ কৰাৰ দাবী জনায় বিৰোধীয়ে।