মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উদ্বোধন শুভংকৰ আৰু ল’গ’

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উদ্বোধন শুভংকৰ আৰু ল

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভংকৰ আৰু এটা ল’গ’ মুকলি কৰা হয়। অসমৰ কৃষ্টি-সংস্কৃতিৰ লগত সংগতি ৰাখি SVEEPৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা লাডু আৰু পিঠা প্ৰতীকিৰ এই শুভংকৰ দুটা উদ্বোধন কৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে। এই শুভংকৰ দুটাৰ লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াজনে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এটা ল’গ’ও মুকলি কৰে। ৰংঘৰ, ব্ৰহ্মপুত্ৰ, বিহু আৰু গঁড়ক সামৰি এই ল’গ’টো প্ৰস্তুত কৰা হৈছেশুভংকৰ দুটা আৰু ল’গ’টো কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে অসমৰ কৃষ্টি-সংস্কৃতিক সামৰি প্ৰস্তুত কৰা এই শুভংকৰ দুটাই জনসাধাৰণৰ মাজলৈ সহজে নিৰ্বাচনী বাৰ্তা লৈ যাব পাৰিব। আনহাতে, যুটীয়া নিৰ্বাচনী বিষয়া জিমলি কটকীয়ে সভাত ভাষণ দি কয় যে অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিনিধিত্ব কৰি শুভংকৰ আৰু ল’গ’ প্ৰস্তুত কৰাটো বহুদিনীয়া সপোন আছিল। যুটীয়া নিৰ্বাচনী বিষয়া ৰাহুল ফুকন, উপ-নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভড়ালীৰ লগতে সামাজিক মাধ্যমৰ বিষয়ববীয়াসকল আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল এই সভাত উপস্থিত থাকে।