মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

Pc Northeast News

মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিলে ভাস্কৰজ্যোতি মহন্তই।  ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত হিচাপে কাৰাগাৰত থকা শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰটিআই আবেদন দাখিল হৈছিল তথ্য আয়ুক্তৰ কার্যালয়ত। মুখ্যতঃ এই আৰটিআইৰ আবেদনৰ পৰিপ্ৰেক্ষিততে ভাস্কৰজ্যোতি মহন্তক মুখ্যমন্ত্ৰীয়ে পদত্যাগৰ বাবে পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি ৰাজ্যিক মুখ্য তথ্য আযুক্ত পদৰ পৰা পদত্যাগ কৰি ৰাজ্যপাললৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে। ইফালে সমগ্ৰ বিষয়টো সন্দর্ভত সংবাদ মাধ্যমৰ আগত ভাস্কৰজ্যোতি মহন্তই কয়- জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে। এনে পৰিপ্ৰেক্ষিতত মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে, তেতিয়া মানুহৰ মনত যাতে কোনোধৰণৰ সন্দেহ আৰু সংশয় নাথাকে, তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি ল’লোঁ। ভাস্কৰজ্যোতি মহন্তই ইয়াকো উল্লেখ কৰে যে মোৰ ভাতৃ সন্দৰ্ভত তথ্য আয়ুক্ত কার্যালয়ত যোৱা ৪ নৱেম্বৰত এখন আৰটিআই আবেদন দাখিল হৈছে। এই আবেদনখন দাখিল হোৱাৰ পাছতে মই পদত থকাটো উচিত বুলি নাভাবিলোঁ। ইফালে জুবিন গার্গ প্রসংগত প্রাক্তন শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় জুবিন মোৰ বহুত আপোন আছিল। জুবিনৰ লগত একেলগে মূকবধিৰৰ কাৰণে কাম কৰিছোঁ। ভৱিষ্যতেও কাম কৰাৰ কথা আছিল।উল্লেখ্য যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বিগত ২০২৩ চনৰ ৫ এপ্ৰিলত ৰাজ্য চৰকাৰে মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি দিছিল ভাস্কৰজ্য়োতি মহন্তক ৷